নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঁচ গৰাকীকৈ অৱসৰী শিক্ষকক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী: ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম বাটকটীয়া উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঁচ গৰাকীকৈ শিক্ষাগুৰুক সমূহীয়াভাবে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনালে বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলে।

ঢকুৱাখনা মহকুমাৰ  শৈক্ষিক ক্ষেত্ৰখনলৈ  বিগত ৪ দশক অধিক কাল বিদ্যালয়খনৰ জৰিয়তে মানৱ সম্পদ সৃষ্টিত অকৃপণ অৰিহণা যোগাই অহা ৫ গৰাকী শিক্ষকে চৰকাৰী নীতি অনুসাৰে বিগত বৰ্ষত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।১৯৩৬ চনতে প্ৰতিষ্ঠা হোৱা উচ্চ শিক্ষানুষ্ঠানখনৰ পৰা উপাধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰা তৰুণ চন্দ্ৰ শৰ্মা, ৰামচন্দ্ৰ চুতীয়া,সহকাৰী শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰা কুল দত্ত,ৰাজেন্দ্ৰ প্ৰসাদ বৰুৱা আৰু ৰেনুপ্ৰভা কোঁৱৰ আনুষ্ঠানিক ভাবে বিদ্যালয় পৰিয়ালে বিদায় সম্ভাষণ জনায় ।শিক্ষানুষ্ঠানখনৰ  সমূহ শিক্ষক-শিক্ষাৰ্থী , অভিভাৱক-ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুৰাগী ৰাইজৰ উপস্থিতিত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত বিদায় সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষ কল্পনা গগৈয়ে।

সহকাৰী শিক্ষক মিন্টু গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা বিদায় সভাখনত পাঁচোগৰাকী অৱসৰী শিক্ষকে আৱেগিক ভাষণ ৰাখি ছাত্ৰ-ছাত্ৰী সকলক ভৱিষ্যতে দেশৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় কয় যে -‘আমি বিদায় ল’লেও তোমালোকৰ লগত সদায় থাকিম। কৰ্তব্যৰ সময়ৰ ঘাট প্ৰতিঘাতৰ স্মৰণ কৰি আবেগিকভাৱে তেওঁলোকে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি একমুখে কয় যে আমাৰ কষ্টকৰ দিনৰ প্ৰকৃত সৃষ্টি তোমালোক। তোমালোকৰ ভাল দেখিলে আমাৰ হৃদয় উঠলি উঠে৷’ ছাত্ৰী মাজুন বৰুৱাৰ ভূপেন হাজৰিকাৰ এটি গীতে জীপাল কৰি তোলা গম্ভীৰ্যপূৰ্ণ সভাত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডিম্বেশ্বৰ গগৈ,অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে চেনিৰাম বৰুৱা,প্ৰেম গগৈ আৰু লিখন চন্দ্ৰ বুঢ়াগোঁহাঞিৰ লগতে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক চেনিৰাম গগৈ, প্ৰণৱ কুমাৰ বৰুৱা,মৌচুমী গগৈ হাতীবৰুৱা আদিয়ে ৫ গৰাকী শিক্ষাগুৰুৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তব্য দাঙি ধৰি শিক্ষকতা বৃত্তিৰ প্ৰতি থকা তেখেতসকলৰৰ মহানতাৰ কথা উল্লেখ কৰি আগন্তুক দিনতো শিক্ষাৰ সৈতে জড়িত থাকি সমাজসেৱা আগবঢ়াবলৈ অনুৰোধ জনায়। এক আৱেগিক মুহূৰ্তত পাঁচোগৰাকী অৱসৰী শিক্ষকক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পৃথকে পৃথকে শৰাই, গামোচা, চেলেং, ছাটি, মানপত্ৰ আৰু ধৰ্মগ্ৰন্থৰে ঊষ্ম সম্বৰ্ধনা জনাই দীৰ্ঘায়ু কামনা কৰে।সদৌ শেষত বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী মৌচুমী গগৈ হাতীবৰুৱাৰ শলাগৰ শৰাইৰে বিদায় সম্বৰ্ধনা সভাখন অন্ত পৰে।

You might also like