নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত খাদ্য নিগমৰ বিষয়াৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰঃ তীব্ৰ চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ডিব্ৰুগড়ত চাঞ্চল্য!পুনৰ এক ভাড়াঘৰত বিবাহিত পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি হৈছে।ডিব্ৰুগড়ৰ ভাৰতীয় খাদ্য নিগমৰ এগৰাকী কৰ্মচাৰীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ আজি চহৰখনত ব্যাপক হৈ-চৈ আৰু চেপা উৎকন্ঠাৰ অৱতাৰণা হয়।জানিব পৰা মতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ বাশবাৰীত ভাৰতীয় খাদ্য নিগমৰ বিষয়া শোভাশীষ ঘোষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

ডিব্ৰুগড়ৰ বাশবাৰীত ভাড়াতীয়া হিচাপে অকলশৰীয়াকৈ থকা কোঠাত ভাৰতীয় খাদ্য নিগমৰ বিষয়া শোভাশীষ ঘোষৰ পৰিত্যক্ত মৃতদেহ আজি পুৱা উদ্ধাৰ হয়।সুদূৰ কলিকতাৰ ৩৭ বছৰীয়া বিবাহিত যুৱক জন দীৰ্ঘ দিনৰে পৰা ডিব্ৰুগড়ত ভাৰতীয় খাদ্য নিগম বিভাগত কৰ্মৰত আছিল।জানিব পৰামতে যোৱা ২৭ জানুৱাৰী পৰা বিষয়াগৰাকী নিজ কৰ্ম স্থানলৈ যোৱা নাছিল।আনকি পৰিয়ালৰ লোকেও মবাইলত ঘোষক নোপোৱাত উৎকণ্ঠিত হৈ পৰে আৰু বিষয়টো কাৰ্যালয়ৰ বিষয়ববীয়াক অৱগত কৰে।যাৰ বাবে নিজ বিভাগৰ কৰ্মী সকলে আজি তেওঁৰ ভাড়া ঘৰত উপস্থিত হোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ভাড়াঘৰত উপস্থিত হৈ ভিতৰৰ পৰা দুৱাৰ বন্ধ দেখি ঘৰৰ ভেন্টিলেচনেৰে প্ৰত্যক্ষ কৰাত নিজৰ কোঠাৰ ভিতৰত সংলগ্ন স্নানগাৰত সম্পূৰ্ন উলংগ অৱস্থাত শোভাশীষ ঘোষৰ মৃতদেহ প্ৰত্যক্ষ কৰে।লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।ইতিমধ্যে কলকতাস্থিত পৰিয়ালৰ লোকক খবৰ দিয়াৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰা হৈছে যদিও প্ৰাথমিকভাবে মৃতদেহত কোনো আঘাতৰ চিহ্ন পৰিলক্ষিত হোৱা নাই।মৰণোত্তৰ পৰীক্ষাৰ পাছতহে সমগ্ৰ জানিব পৰা যাব যদিও বাতৰি সংগ্ৰহ কৰা সময়ৰ লৈকে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।ইতিমধ্যে এই ঘটনাক লৈ সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

You might also like