সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি দেৰগাঁৱস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত আয়োজিত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গাওঁৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱকসকলক সংগঠনটোক এক উৎকৃষ্ট সামাজিক সংগঠন হিচাপে পৰিগণিত কৰাৰ দিশত নিষ্ঠাৰে কৰ্তব্য পালন কৰাৰ বাবে আহ্বান জনায়৷ এই অনুষ্ঠানত উপস্থিত থাকি নিজে অতি আনন্দিত বুলি প্ৰকাশ কৰি গাঁওৰক্ষী বাহিনীৰ ধাৰণা অংকুৰিত কৰা বিশিষ্ট সমাজকৰ্মী হৰিনাৰায়ণ বৰুৱাৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে হৰিনাৰায়ণ বৰুৱাই ৰোপণ কৰা এই ভাল বৃক্ষজোপাক পানী দি বটবৃক্ষলৈ ৰূপান্তৰ কৰাৰ দিশত আমি সকলোৱে সন্মিলিতভাৱে কাম কৰিব লাগিব৷ এটা জীৱন্ত আৰু প্ৰাণৱন্ত সংগঠনলৈ গাঁওৰক্ষী সংগঠনক ৰূপান্তৰ কৰাৰ দিশত সংগঠনটোৰ সদস্যসকলে ঐকান্তিকতাৰে কৰ্মত ব্ৰতী হ’ব লাগিব৷ পৰিৱৰ্তিত সময়ৰ লগত খাপ খাব লাগিলে গাঁওৰক্ষী বাহিনী আইন, ১৯৬৬ খন সংশোধন কৰি গাঁওৰক্ষী সংগঠনক আৰু অধিক সক্ৰিয় কৰাৰ সময় সমাগত বুলি উল্লেখ কৰি অহা জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ অধিৱেশনত সংশ্লিষ্ট সকলো পক্ষৰ পৰামৰ্শ গ্ৰহণেৰে এই আইনখন সংশোধনীৰ এক বিধেয়ক বিধানসভাত উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷
গাওঁৰক্ষী সংগঠনক এক স্বেচ্ছামূলক সংগঠন বুলি অভিহিত কৰি স্বেচ্ছামূলক সেৱাই গাঁওৰক্ষী সংগঠনৰ মূল আত্মা বুলি তেওঁ দোহাৰে৷ সেয়েহে গাঁওসমূহত অপৰাধ সংঘটিত হোৱাৰ পূৰ্বে সেইসমূহ বন্ধ কৰাৰ দিশত অধিক সজাগ আৰু দায়িত্বশীলতাৰে গাঁওৰক্ষী সংগঠনৰ স্বেচ্ছাসেৱকসকলে কৰ্মত অৱতীৰ্ণ হ’লে গাঁৱত সংঘটিত হোৱা অপৰাধ নিৰ্মূল হ’ব বুলিও তেওঁ কয়৷ এই ক্ষেত্ৰত ডাইনী হত্যা, মহিলাৰ বিৰুদ্ধে অপৰাধ আদিৰ দিশত অধিক সজাগ আৰু সচেষ্ট হৈ অপৰাধ সংঘটিত হোৱাৰ উমান পালে আগতীয়াকৈ সংশ্লিষ্ট কতৃৰ্পক্ষক অৱগত কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ স্বেচ্ছাসেৱক সকলক আহ৩ান জনায়৷ ইয়াৰ লগতে ধৰ্মীয় উপসনাস্থলী সমূহত সংঘটিত হোৱা চুৰিকাৰ্য ইত্যাদি বন্ধ কৰাৰ দিশত তেওঁলোকে অধিক সজাগ আৰু সচেতনতাৰে কাম কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷
মুখ্যমন্ত্ৰীয়ে প্ৰতিটো নিৰ্বাচনী বুথৰ বিপৰীতে একোটাকৈ গাঁওৰক্ষী বাহিনীৰ সংগঠন গঢ়ি তোলাৰো পোষকতা কৰে৷ দায়িত্ব আৰু কৰ্ম অনুসৰি চৰকাৰে গাঁওৰক্ষী সংগঠনৰ বিষয়ববীয়াসকলৰ কল্যাণৰ দিশত পদক্ষেপ গ্ৰহণ কৰি যাব বুলিও তেওঁ কয়৷ এটা সুন্দৰ আৰু এক গতিশীল সংগঠন হিচাপে গাঁওৰক্ষী সংগঠনক গঢ়ি তুলি প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত চৰকাৰে সকলোৰে সৈতে মিলিত প্ৰচেষ্টাৰে পদক্ষেপ ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ এখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ উপৰি পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৩৫ খন গাঁওৰক্ষী বাহিনী আৰু ২৫ গৰাকী চক্ৰ সংগঠকক পুৰস্কাৰ প্ৰদান কৰে৷
এই অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দেৰগাঁওস্থিত পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয়খনক বিশ্বমানৰ একাডেমী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আছাম পুলিচ হাউচিং কৰ্প’ৰেশ্যনৰ দ্বাৰা ১৫৬.৫১ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰি থকা প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ সংশ্লিষ্ট কতৃৰ্পক্ষক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷
আজিৰ এই অনুষ্ঠানত কৃষি, পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ বিভাগৰ আয়ুক্ত সচিব এম এছ মনিৱন্ননেও উপস্থিত আছিল৷
Attending 73rd Foundation Day of Village Defence Organisation at Police Training College, Dergaon, I paid my tributes to Harinarayan Baruah, who was instrumental in forming the organisation in 1949 to inspire people to look after the security of their villages. pic.twitter.com/ZNq4DtkNBU
— Himanta Biswa Sarma (@himantabiswa) January 29, 2022