হাগ্রামা ৰাজ্যসভালৈ যোৱাৰ বাতৰিৰ কোনো বাস্তৱ ভিত্তি নাইঃ প্রমোদ বড়োৰ দাবী
নিয়মীয়া বাৰ্তা ,৩০ জানুৱাৰীঃ অসমৰ পৰা খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিতব্য নির্বাচনক কেন্দ্র কৰি শাসক–বিৰোধী উভয় শিবিৰতে ব্যাপক তৎপৰতা অব্যাহত আছে৷ যাৰ পৰা বাদ পৰা নাই বিটিচিৰ শাসকীয় ইউ পি পি এল আৰু বিৰোধী বি পি এফো৷ বিশেষকৈ বিধানসভাৰ মজিয়াত বিজেপিৰে বি পি এফৰ মিত্রতা স্থাপনৰ পাছতে আৰম্ভ হৈছে নতুন সমীকৰণ৷
চর্চা অনুসৰি বি পি এফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীক ৰাজ্যসভালৈ নির্বাচিত কৰি দিল্লীলৈ প্রেৰণৰ কুচকাৱাজ চলিছে৷ অৱশ্যে বিষয়টো সন্দর্ভত বর্তমানেও আনুষ্ঠানিকভাৱে মুখ খোলা নাই হাগ্রামা মহিলাৰী অথবা বি পি এফৰ কোনো নেতাই৷ কিন্তু ইয়াৰ মাজতে বিষয়টো কার্যতঃ নস্যাৎ কৰিছে ইউ পি পি এলৰ সভাপতি তথা বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে৷ কোকৰাঝাৰত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে হাগ্রামা মহিলাৰীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত হ’ব বুলি ওলোৱা বাতৰিৰ কোনো বাস্তৱ ভিত্তি নাই বুলি মন্তব্য কৰে৷ কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত বিটিচিৰ স্বাস্থ্য বিভাগৰ এক পর্যালোচনা সভাত উপস্থিত থকা প্রমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে পূর্বৰে পৰা বড়ো সম্প্রদায়ৰ পৰাহ ৰাজ্যসভাৰ প্রার্থিত্ব পাহ আহিছে আৰু আমি বিচাৰোঁ বড়ো সম্প্রদায়ৰ পৰা এজনে এহবাৰো ৰাজ্যসভাত প্রার্থিত্ব পাব লাগে৷ বিটিচি অঞ্চলৰ পৰা প্রতিনিধিত্ব কৰা এজন থাকিব লাগে আৰু সেয়া সকলোৱে বিচাৰে৷ বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীৰ লগত সঘনে আলোচনা কৰি থকা হৈছে বুলি সদৰী কৰে প্রমোদ বড়োৱে৷ হাগ্রামা মহিলাৰী ৰাজ্যসভালৈ যোৱা সন্দর্ভত তেওঁ জ্ঞাত নহয় বুলি উল্লেখ কৰি বড়ো সম্প্রদায়ৰ পৰা ৰাজ্যসভালৈ প্রতিনিধি পঠোৱা সন্দর্ভত চলি থকা আলোচনাক তেওঁ আদৰণি জনোৱাৰ লগতে ইয়াৰ বাবে প্রধানমন্ত্রী, মুখ্যমন্ত্রী, কেন্দ্রীয় গৃহমন্ত্রী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ ধন্যবাদ জ্ঞাপন কৰে৷
আনহাতে এন ডি এফ বিৰ প্রতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ অহাটো সকলোৱে বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে যিহেতু বিষয়টো আহনগত আৰু সেয়েহে আহনী পন্থাৰে গোচৰ নিষ্পত্তি কৰাৰ বাবে পুলিচ প্রশাসন আৰু আহন বিভাগৰ স’তে কথা–বতৰা চলি আছে৷ বড়োলেণ্ডৰ স্থায়ী শান্তি অনাৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে যথেষ্টখিনি কৰি আছে আৰু মুখ্যমন্ত্রীৰ নেতৃত্বতে ৰঞ্জন দৈমাৰী মুকলি হোৱাৰ ক্ষেত্রত কিবা নহয় কিবা এটা পথ ওলাব বুলি আশা ব্যক্ত কৰে প্রমোদ বড়োৱে৷ উল্লেখ্য যে কোকৰাঝাৰ বড়োলেণ্ড অতিথিশালাত স্বাস্থ্য বিভাগৰ পর্যালোচনা সভাৰ পূর্বে প্রমোদ বড়োৱে ছেৰফাংগুৰিত প্রাক্তন এন ডি এফ বিসকলৰ সৈতেও এক বৈঠকত মিলিত হয়৷ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ অনুষ্ঠিত হোৱা উক্ত সভাত প্রাক্তন এন ডি এফ বি সদস্যসকলৰ সংস্থাপনৰ দিশটো পর্যালোচনা কৰা হয়৷ যিসকলৰ যোগ্যতা আছে, বয়স আছে আজি নহয় কাহলৈ তেওঁলোক চাকৰি পাবহ বুলি মন্তব্য কৰি প্রমোদ বড়োৱে প্রাক্তন এন ডি এফ বি সদস্যসকলৰ সংস্থাপনৰ বাবে জিলাহ জিলাহ প্রশিক্ষণ দিয়াৰ লগতে আন সুবিধা দিয়া হ’ব বুলি সদৰী কৰে৷