নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াত এবছৰত জনসংখ্যা হ্রাস পালে ১০ লক্ষাধিক

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ৰাছিয়াৰ জনসংখ্যা অভাৱনীয়ভাৱে হ্রাস পাইছে৷ দেশখনত ২০২১ বর্ষটোত ১০ লক্ষাধিক জনসংখ্যা হ্রাস পাইছে বুলি সমীক্ষাত প্রকাশ কৰা হৈছে৷ স্মর্তব্য যে ক’ভিড মহামাৰীত এতিয়ালৈকে ৰাছিয়াত ৬ লাখ ৬০ হাজাৰতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে৷ কিন্তু অভাৱনীয়ভাৱে এনেদৰে জনসংখ্যা হ্রাসৰ কাৰণ একমাত্র ক’ভিড বুলি ধাৰণা কৰা নাই বিশেষজ্ঞসকলে৷ দেশখনৰ পৰিসংখ্যা সংস্থা ৰোছটাটে প্রকাশ কৰা অনুসৰি ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত প্রথমবাৰলৈ এটা বছৰত ৰাছিয়াৰ জনসংখ্যা ইমান নিম্নগামী হৈছে৷ অর্থাৎ জনসংখ্যা হ্রাসৰ এই ঘটনা এক ঐতিহাসিক বিপর্যয় হিচাপে চিহ্ণিত হৈছে দেশখনত৷ ইয়াৰ পূর্বৰ বছৰটোত ৫ লক্ষাধিক জনসংখ্যা হ্রাস পাইছিল ৰাছিয়াত৷ স্মর্তব্য যে শিশুৰ জন্মৰ হাৰ দেশখনত এটা দশকত অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ৯০ৰ দশকত যিবোৰ শিশুৰ জন্ম হৈছিল তেওঁলোক এতিয়া পিতৃ বা মাতৃ৷ ছোভিয়েট ইউনিয়নৰ পিছৰে পৰা অর্থনৈতিক ক্ষেত্রত আহি পৰা অনিশ্চয়তাই দেশখনৰ জনসংখ্যাত এনে প্রতিকূল প্রভাৱ পেলোৱা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ স্মর্তব্য যে বর্তমান প্রতিগৰাকী মহিলাৰ বিপৰীতে দেশখনত শিশুৰ জন্মৰ হাৰ হৈছে ১.৫৷ কিন্তু জনসংখ্যা অনুসৰি এই হাৰ হ’ব লাগে অতি কমেও ২.১ শতাংশ৷ অর্থাৎ শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে কমি আহিছে দেশখনত৷ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে দুদশক পূর্বে ক্ষমতালৈ অহাৰ লগে লগে অর্থনৈতিক বিপর্যয়ৰ দিশটোক অধিক গুৰুত্ব প্রদান কৰিছিল৷ গতিকে জনসংখ্যা নীতি নতুনকৈ গ্রহণ কৰিছিল পুটিনে৷ ৰাষ্ট্রপতিগৰাকীয়ে আর্থিক বিপর্যয়ৰ পৰা পৰিত্রাণ পাবলৈ হ’লে জনসংখ্যা কমাই ৰাখিব লাগিব বুলি যুক্তি দর্শাইছিল৷ তাৰ ফলতেই নতুন প্রজন্মৰ মাজত শিশু জন্ম দিয়াৰ প্রৱণতা যথেষ্ট হ্রাস পায়৷ শেহতীয়াকৈ পৰিস্থিতি এনে ভয়াৱহ হৈছে যে দেশখনৰ জনসংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে হ্রাস পাব ধৰিছে৷ সমালোচকসকলে ৰাষ্ট্রপতি পুটিনকেই ইয়াৰ বাবে জগৰীয়া বুলি ঘোষণা কৰিছে৷

You might also like