হাবুঙত এটা অতিথিশালা, এখন থলুৱা গাঁও, এটা অত্যাধুনিক প্ৰেক্ষাগৃহ আৰু এটা টাই আহোম সংগ্ৰহালয় স্থাপনৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ
ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙত আয়োজিত মে-ডাম-মে-ফী উৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ‘‘এক আধ্যাত্মিক পৰম্পৰাৰ উৎসৱ হ’লেও মে-ডাম-মে-ফীৰ তাৎপৰ্য অতি মহৎ৷ এই উৎসৱে আমাৰ উপৰিপুৰুষসকলৰ লগতে অগ্ৰজসকলৰ বিৰল ব্যক্তিত্বক সন্মান জনোৱাৰ সুযোগ প্ৰদান কৰে৷ জীৱন-যাত্ৰাৰ প্ৰতিটো খোজতে উপৰিপুৰুষসকলৰ আশীৰ্বাদে নতুন পুৰুষক আগবাঢ়ি যোৱাৰ প্ৰেৰণা যোগায়৷ মে-ডাম-মে-ফীৰ এই পৱিত্ৰ দিনটোত ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ বাবে মই পিতৃ-পুৰুষসকলৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷’’ – অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ধেমাজি জিলা প্ৰশাসন আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সহযোগত ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙৰ হ’লুং হ’-ফীত আয়োজিত কেন্দ্ৰীয় মে-ডাম-মে-ফী উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে কয়৷
কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে উৎসৱৰ মূল আধ্যাত্মিক পৰম্পৰা অনুসৰি হ’-ফীত ম’লুংসকলৰ উপস্থিতিত উপৰিপুৰুষসকললৈ সমজুৱাকৈ পূজা আগবঢ়াই জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ সৰ্বাংগীন মংগল কামনা কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে অসম চৰকাৰৰ আৰ্থিক অনুদানেৰে হাবুঙত স্থায়ীৰূপত নতুনকৈ নিৰ্মাণ কৰা হাবুং চাও-চেন-ৰেন আৰু হলুং হ’-ফী গৃহটিও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
এই উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে মে-ডাম-মে-ফী এতিয়া কেৱল আহোম জনগোষ্ঠীৰে উৎসৱ হৈ থকা নাই৷ এসময়ৰ সীমিত পৰিসৰৰ পৰা আজি ক্ৰমান্বয়ে এই উৎসৱে সাৰ্বজনীন ৰূপ পৰিগ্ৰহণ কৰিছে৷ মে-ডাম-মে-ফী উৎসৱৰ এই বিশেষ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে টিপাম, হাবুং, চৰাইদেউকে ধৰি আহোমৰ কেউখন ৰাজধানী নকৈ সজাই পৰাই তোলাৰ লগতে এই স্থানসমূহক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷
তেওঁ কয় যে অসমৰ বুৰঞ্জী আৰু টাই আহোমসকলৰ বুৰঞ্জী পৃথক নহয়৷ আহোম স্বৰ্গদেউ সকলৰ ৬০০ বছৰীয়া ৰাজত্বৰ গৌৰৱোজ্জ্বল ইতিহাসে প্ৰতিগৰাকী অসমীয়াৰে শিৰ সদায়ে উচ্ছ কৰি আহিছে৷ সেয়েহে তেওঁলোকৰ স্মৃতিবিজড়িত প্ৰতিটো সমলৰ উপযুক্ত সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ৷ চলিত বৰ্ষত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী আড়ম্বৰপূৰ্ণভাৱে উদ্যাপনৰ বাবেও ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই উপলক্ষে ৰাজ্য চৰকাৰে নতুন দিল্লী আৰু মুম্বাইত দুখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আয়োজন কৰাৰ লগতে লাচিত বৰফুকনৰ পূৰ্ণাংগ জীৱন-যাত্ৰা সামৰি এখনি তথ্যচিত্ৰও নিৰ্মাণ কৰিব৷ এই তথ্যচিত্ৰখন ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে দেশৰ বিভিন্ন স্থানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যোৰহাটৰ হোলোঙাপাৰস্থিত মহাবীৰ লাচিত বৰফুকনৰ সমাধিস্থলীক নতুন ৰূপত সজাই তোলাৰবাবেও প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব৷ এই উদ্দেশ্যে বৰ্তমানৰ সমাধিস্থলীৰ কাষতে অতিৰিক্ত ৫০ বিঘা মাটিৰ ব্যৱস্থা কৰাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিবলৈ তেওঁ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতি আহ৩ান জনায়৷ একেদৰে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ কাষতো অতিৰিক্ত ১০০ বিঘা মাটিৰ ব্যৱস্থা কৰি ৰংঘৰক অসমৰ সংস্কৃতিৰ এক চহকী ঐতিহ্যস্থলী হিচাপে নৰূপত সজাই তোলাৰ ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷
স্বৰ্গদেউ চ্যু-কা-ফাৰ স্মৃতিবিজড়িত আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ ভূুমি হিচাপে গঢ়ি তোলাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণৰ কথা আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ হাবুঙৰ হ’-ফী গৃহৰ সমীপতে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে এটা অত্যাধুনিক অতিথিশালা নিৰ্মাণ কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে৷ তদুপৰি আহোম জনগোষ্ঠীৰ লগতে ৰাজ্যৰ বিভিন্ন সম্প্ৰদায়ৰ কৃষ্টি-সংস্কৃতি, সাজ-পাৰ, খাদ্যাভাষক প্ৰতিফলিত কৰি হাবুঙত এখন থলুৱা গাঁও [এথ্নিক ভিলেজ] গঢ়ি তোলাৰ পদক্ষেপ ল’বলৈ তেওঁ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াক নিৰ্দেশ দিয়ে৷ সেইদৰে হাবুঙত এটা আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষাগৃহ আৰু এটা টাই আহোম সংগ্ৰহালয় স্থাপনৰ উদ্যোগ গ্ৰহণ কৰিবলৈ তেওঁ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়বীয়া সকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে হাবুঙক সংলগ্ন কৰা সকলো বাট-পথৰ উন্নয়নৰ বাবে প্ৰস্তাৱ যুগুত কৰি অতি সোনকালে চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে হাবুঙ চাও-চেন-ৰেন স্থলীৰ সীমাৰ বেৰা আৰু তোৰণখনো অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে৷
আহোম জনগোষ্ঠীৰ লোকসকলৰ দীৰ্ঘদিনীয়া দাবী অনুসৰি ৰাজ্যখনৰ ৫০ খন গাঁৱত ৫০ টা চাও-চেন-ৰেন স্থাপনৰ বাবে ২০ লাখ টকাকৈ আগবঢ়োৱা হ’ব বুলি আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ তেওঁ লগতে কয় যে এই পূজা গৃহসমূহ অহা বৰ্ষৰ মে-ডাম-মে-ফীৰ দিনা একেলগে উদ্বোধন কৰা হ’ব৷ পৰৱৰ্তী বৰ্ষত অতিৰিক্ত ৫০ টা চাও-চেন-ৰেন নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷
আজিৰ কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, শিক্ষা মন্ত্ৰী তথা স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগু, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক প্ৰশান্ত ফুকন আৰু মানৱ ডেকা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব আৰিজ আহমেদ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক দেৱজিৎ খনিকৰ, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিতুল বুঢ়াগোঁহাইৰ লগতে সংগঠনটোৰ অন্যান্য বিষয়ববীয়া তথা হাবুং উন্নয়ন পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে৷