নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডু-মালিগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ জন্মদিন পালন ৰাইজ আৰু বিজেপিৰ কাৰ্যকৰ্তাৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ২০০১ চনৰ পৰা জালুকবাৰী সমষ্টিৰ পৰা একেৰাহে পাঁচবাৰকৈ বিধায়ক নিৰ্বাচিত আৰু চাৰিবাৰকৈ অসম চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ পদ অলংকৃত কৰাৰ পাছত ২০২১ চনৰ মে মাহত প্ৰথম বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ পহিলা ফেব্ৰুৱাৰীত ৫৩ বর্ষত ভৰি দিব। আনহাতে মুখ্যমন্ত্ৰীৰ ৫৩ সংখ্যক জন্মদিন ৩০ জানুৱাৰীৰ পৰা পাণ্ডু-মালিগাঁৱৰ ৰাইজ আৰু বি জে পি দলৰ কাৰ্যকৰ্তা সকলে সামুহিক ভাৱে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰি আছে বুলি অশোক কুমাৰ ভৰালী, কমল দে দ্বীজেন লহকৰকে ধৰি দলৰ কেবাজনো কার্যকর্তাই জানিবলৈ দিছে ।

জন্মদিনৰ লগত সংগতি ৰাখি ৩০ জানুৱাৰীত অসম ভিত্তিত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ৰাইজ আৰু কাৰ্যকৰ্তাৰ স্বেচ্ছা ৰক্তদান কাৰ্যসূচীৰ লগতে সন্ধিয়া পাণ্ডু – মলিগাঁওত কভিড বিধি মানি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে জন্মদিনৰ লগত সংগতি ৰাখি আজি পুৱা ৯ বজাৰ পৰা বৃক্ষৰোপন আৰু স্বচ্চ ভাৰত অভিযানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তেনেদৰে মালিগাওঁ চাৰিআলিৰ পৰা পাণ্ডু হৈ আদাবাৰী তিনিআলিলৈকে পথৰ দুয়োকাষে পেহৰেৰে আলোকিত কৰি ৰখা হয়। ফলত সমগ্ৰ অঞ্চলটোত এক আবতৰীয়া দেৱালী সদৃশ পৰিবেশৰ সৃষ্টি হয়।

আনকি মুখ্যমন্ত্ৰীৰ বিগত সময়চোৱাত কেবাটাও ৰাজহুৱা অনুষ্ঠানৰ বৃহৎ ফটোযুক্ত কাটআউট পাণ্ডু , মলিগাঁও , আদাবাৰী অঞ্চলৰ লগতে মালিগাঁওৰ পৰা আদাবাৰী বাছ আস্থানলৈকে থকা তিনিওখন পদসেঁতুত বৃহৎ হৰ্ডিং স্থাপন কৰা হয় । পহিলা ফেব্ৰুৱাৰীত সন্ধিয়া পাণ্ডু ৰেষ্টকেম্প কালীবাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ব। তাত এক ধৰ্মীয় কাৰ্যসূচীত ভাগ লোৱাৰ পাছত তাৰ পৰা কিছু নিলগত থকা স্বামী বিবেকানন্দ পাৰ্কলৈ তেওঁক লৈ এক সমদল উলিওৱা হ’ব । তাত মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে সক্ষম সকলৰ লোকসকলক হুইল চেয়াৰ বিতৰণৰ লগতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহাৰ্য্য প্ৰদান প্ৰদান কৰিব। ৰেষ্টকেম্প কালীবাৰীত মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এক যজ্ঞৰ আয়োজন কৰা হৈছে। সন্ধিয়া প্ৰতি ঘৰত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সন্ধিয়া আদাবাৰী তিনিআলিৰ অটল পাৰ্কত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ লগত মত বিনিময় কৰিব।

You might also like