নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলহী নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই সোমবাৰে বিয়লি ছয়গাঁৱত উপস্থিত হৈ কলহী নৈৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ অগ্ৰগতিৰ বুজ লয় । ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সৈতে লগ হৈ ছয়গাঁওস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা চৌধুৰীপাৰালৈ প্ৰায় ২৮০ মিটাৰ দৈৰ্ঘ্যৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম পৰিদৰ্শন কৰে । জিঅ’ বেগেৰে চলাই থকা খহনীয়া প্ৰতিৰোধৰ কাম অহা বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

২ কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষে এই কলহীৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম চলি আছে যদিও কলহী নৈয়ে ছয়গাঁও বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত তাণ্ডৱৰ সৃষ্টি কৰি আহিছে । তেওঁ ছয়গাঁও শিংখাট পথৰ গৰাখহনীয়া এলেকাও কলহী নৈৰ ওপৰৰ পৰা প্ৰত্যক্ষ কৰে। সেয়েহে কিছু বছৰ ধৰি ৰূপায়ণ হৈ থকা আৰু হ’বলগা খহনীয়া প্ৰতিৰোধী আঁচনিৰ তথ্য বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দাঙি ধৰে । জলসম্পদ মন্ত্রী গৰাকীয়ে কেবাঠাইতো উপস্হিত হৈ কামৰ অগ্ৰগতিৰ বুজ লৈ প্ৰয়োজনত অধিক অৰ্থ ব্যয়ৰে পুনৰ আঁচনি ৰূপায়ণৰ আশ্বাস দিয়ে । পিছত ছয়গাঁৱস্থিত বিজেপিৰ কাৰ্যালয়ত উপস্হিত হৈ তেওঁ দলীয় কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় । ছয়গাঁৱৰ বিজেপি কৰ্মী সকলে মন্ত্ৰী গৰাকীক সম্বৰ্ধনাও জনায় ৷

 

You might also like