মঙলদৈৰ কস্তুৰী শিশুগৃহত তাঁতশালৰ প্রশিক্ষণ কেন্দ্র মুকলি মৃণালিনী দেৱীৰ
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ সকলো মহিলাই কর্মমুখী হৈ স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিব লাগে৷ নিজ হাতেৰে বোৱা কাপোৰযোৰাই মনত আনন্দ দিয়াৰ লগতে আর্থিক দিশত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ এইক্ষেত্রত অসমৰ যিসকল মহিলাৰ এনে সুবিধা আছে তেনে মহিলাসকল আগবাঢ়ি আহক৷ মঙলদৈৰ এক অনাথ শিশুৰ আশ্রয়গৃহত কাৰিকৰী প্রশিক্ষণ কেন্দ্র মুকলি কৰি এই আহ্বান জনাইছে অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে৷ মঙলদৈ বামুণপাৰা শালৈপাৰাত ৰশ্মিৰেখা শর্মাই আৰম্ভ কৰা অনাথ আশ্রমখনত থকা আৱাসীসকলৰ স্বাৱলম্বিতাৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷
লক্ষণীয় যে দৰঙৰ এছ আৰ ডি গ্রুপৰ সঞ্চালক তথা উদ্যোগপতি অনুপম ডেকাই কস্তুৰী শিশুগৃহত এক তাঁতশালৰ প্রশিক্ষণ কেন্দ্র আগবঢ়ায়৷ এই কস্তুৰী কাৰিকৰী প্রশিক্ষণ কেন্দ্রটো শুভাৰম্ভণি কৰে অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে৷ বিশেষ অনুষ্ঠানত উপস্থিত থাকে এছ আৰ ডি গ্রুপৰ সঞ্চালক অনুপম ডেকা, বিশিষ্ট সাংস্কৃতিক কর্মী তথা উদ্যমী মহিলা মধুস্মিতা শর্মা, অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া হৰিচন্দ্র শর্মা, সদৌ অসম ছাত্র সন্থাৰ কার্যনির্বাহক সদস্য নিৰঞ্জন শইকীয়া, দেওমৰনৈ বি. এড মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰাজশ্রী মিশ্রকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷ সাংস্কৃতিক কর্মী প্রাঞ্জল শর্মাই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি কাৰিকৰী প্রশিক্ষণ কেন্দ্র উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে৷