বৰেণ্য ব্যক্তিক সন্মান
সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ১৯গৰাকী ব্যক্তিক ৰাজ্য চৰকাৰে এইবাৰ ৰাজহুৱাকৈ সন্মান যাচিছে৷ যোৱা ২৪ জানুৱাৰীত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্যপাল ড০ জগদীশ মুখীয়ে বৰেণ্য ব্যক্তিসকলক সন্মান প্রদান কৰিছে৷ কেন্দ্রীয় চৰকাৰে প্রদান কৰা পদ্ম বঁটাৰ আর্হিত ৰাজ্য চৰকাৰে প্রথমবাৰৰ বাবে বিভিন্ন ক্ষেত্রত অনবদ্য বৰঙণি আগবঢ়োৱা লোকক সন্মান প্রদানৰ বাবে যি পদক্ষেপ গ্রহণ কৰিছে সেয়া নিতান্তই আদৰণীয়৷ দেশৰ ঔদ্যোগিক ক্ষেত্রত অতুল্য বৰঙণি আগবঢ়োৱা ৰতন টাটাক ৰাজ্য চৰকাৰে ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মানৰ বাবে বাছনি কৰিছে৷ দ্বিতীয় সর্বোচ্চ সন্মান অসম সৌৰভ বঁটাৰে সন্মানিত কৰিছে কটন কলেজৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ কমলেন্দু দেৱ ক্র’ৰী, ক’ভিডকালত ৰাজ্যৰ অসমক নেতৃত্ব দিয়া ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ সঞ্চালক লক্ষ্মণন এছ, অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁই আৰু বিশিষ্ট শিল্পী নীলপৱন বৰুৱাক৷ তৃতীয় সর্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে স্বাস্থ্য সেৱা সঞ্চালক মুনীন্দ্র ঙাটে, ক’ভিডকালত তিনি হাজাৰৰো অধিক ৰোগীক দিনে–নিশাই চিকিৎসা আগবঢ়োৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বসন্ত হাজৰিকাক৷ যোৰহাটত বাহুবলী ব্রেণ্ডৰ কণী উৎপাদনৰ জৰিয়তে ৰাজ্যখনত এক নতুন বাটৰ সন্ধান দিয়া নর্থ–ইষ্ট এগ্র’ প্রডাক্ট এণ্ড ছার্ভিচেজৰ স্বত্বাধিকাৰী আকাশজ্যোতি গগৈক, শোণিতপুৰত বিজ্ঞানসন্মত গাহৰি পালনেৰে সফলতা দেখুওৱা মনোজ কুমাৰ বসুমতাৰীকো অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে৷ ইয়াৰ উপৰি কার্বি আংলঙৰ বিশিষ্ট খেলুৱৈ ফৰছিং তেৰাং, তিনিচুকীয়া মিলিজুলি আত্মসহায়ক গোটৰ ববী হাজৰিকা, বস্ত্রশিল্পক ন–ৰূপত প্রতিষ্ঠা কৰা মৰাণৰ হেমপ্রভা চুতীয়া, এক লাখ লোকক ক’ভিড ভেকচিন প্রদান কৰা গুৱাহাটীৰ হাতীগাঁৱৰ এএনএম নমিতা কলিতা, শোণিতপুৰৰ চাৰিদুৱাৰৰ আশাকর্মী বার্মিতা মমিন, বন্যপ্রাণী সংৰক্ষণত বিশেষ ভূমিকা গ্রহণ কৰা অৱসৰপ্রাপ্ত বন বিষয়া ধৰণীধৰ বড়ো, কৃষি উদ্যোগী কৌশিক বৰুৱা, ওদালগুৰিৰ অংগনৱাড়ী কর্মী কল্পনা বড়ো আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ বনমেৰু ট্রেন্সপ্লাণ্ট প্রকল্প স্থাপনত বিশেষ বৰঙণি আগবঢ়োৱা ডাঃ আছিক ইকবালকো অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰে প্রতি বছৰে এইদৰে বিভিন্ন ক্ষেত্রত বৰঙণি আগবঢ়োৱা লোকক সন্মান প্রদান কৰাৰ পদক্ষেপ লৈছে৷ মুখ্যমন্ত্রীগৰাকীৰ এনে ঘোষণাই নিশ্চিতভাৱে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রত নিৰলসভাৱে সেৱা আগবঢ়াই থকা বৰেণ্য ব্যক্তিসকলক উৎসাহিত কৰিব৷
অসমক এখন অগ্রণী ৰাজ্যত পৰিণত কৰিবলৈ হ’লে আমি প্রত্যেকেই নিজ নিজ ক্ষেত্রত নিৰলসভাৱে কাম কৰিবই লাগিব৷ মাথোঁ আন্দোলন, প্রতিবাদ অথবা হকে–বিহকে বন্ধ পালন কৰি আমি ৰাজ্যখনক আগুৱাই নিব নোৱাৰোঁ৷ বিগত চাৰিটা দশকত ৰাজ্যখনত বহু প্রতিবাদ আৰু আন্দোলন হ’ল৷ এই সময়ছোৱাৰ আটাইবোৰ প্রতিবাদ যুক্তিনিষ্ঠ নহয় বুলি ক’ব নোৱাৰি৷ কিন্তু অধিকাংশ আন্দোলনৰ অন্তৰালত যে একাংশ নেতাৰ ব্যক্তিগত লাভৰ অংক নিহিত হৈ আছিল সেয়া সচেতন লোকসকলে প্রত্যক্ষ কৰিছে৷ ৯০ দশকৰ পৰা ৰাজ্যখনত ২০ বছৰে চলি থকা নিৰাপত্তা বাহিনী আৰু উগ্রপন্থীৰ অঘোষিত যুঁজখনেও অসমক সর্বাধিক ক্ষতি কৰিছে৷ কিছু বছৰৰ পৰা ৰাজ্যখনত লক্ষণীয়ভাৱে সন্ত্রাস বিভীষিকাৰ চোক কমিছে৷ অসমৰ সর্বসাধাৰণ ৰাইজেও এক স্বাভাৱিক জীৱনযাত্রা আৰম্ভ কৰিছে৷ কিন্তু বিভিন্ন বাধা–বিঘিনি তথা প্রতিকূল পৰিস্থিতিৰ মাজতো ৰাজ্যখনৰ একাংশ ব্যক্তিয়ে নিৰলস সেৱাৰ জৰিয়তে ৰাজ্যখনক উজলাই তুলিছে৷ আমাৰ ৰাজ্যখনৰ অর্থনীতি, ভাষা, সংস্কৃতি, সমাজ জীৱনক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিব এই বৰেণ্য ব্যক্তিসকলেহে৷ দুর্ভাগ্যৰ বিষয় এয়ে যে আমাৰ ৰাজ্যখনত হকে–বিহকে আন্দোলন অথবা প্রতিবাদ কৰা দল–সংগঠনৰ অভাৱ নাই৷ যিসকলে ৰাজ্যখনৰ সামূহিক বিকাশৰ বাবে নিৰলস সেৱা আগবঢ়াই আছে সেইসকলক ৰাজহুৱাকৈ সন্মান প্রদান কৰা দল–সংগঠনৰ এতিয়াও অভাৱ আছে৷ ৰাজ্যখনৰ জাতীয় দল–সংগঠনসমূহ ভূমিকাও এইক্ষেত্রত আশাপ্রদ বুলি ক’ব নোৱাৰি৷ অসমখনক অগ্রণী ৰাজ্যত পৰিণত কৰিবলৈ হ’লে আমি সকলো ক্ষেত্রতে নতুনত্বৰ বাটেৰে সাফল্য অর্জন কৰিবই লাগিব৷ কিন্তু এই সফলতাৰ বাট কোনো কালেই সহজ নহয়৷ ইয়াৰ বাবে লাগিব নির্ধাৰিত লক্ষ্য আৰু কঠোৰ শ্রম৷ এইক্ষেত্রত ৰাজ্যখনৰ যিসকল বৰেণ্য ব্যক্তিয়ে আশাৰ বার্তা দেখুৱাইছে সেইসকলক চিনাক্ত কৰি ৰাজ্য চৰকাৰে সহায়ৰ হাত আগবঢ়োৱা উচিত৷ কিয়নো এনে উন্নয়নমুখী যাত্রা যিমানেই সফল হ’ব, সিমানেই ৰাজ্যখনৰ নতুন প্রজন্ম এনে বৃত্তি তথা কর্মৰ প্রতি আগ্রহী হ’ব৷ সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলৰ কর্মৰাজিক ৰাজ্য চৰকাৰে স্বীকৃতি প্রদান কৰাটো এক আদৰণীয় পদক্ষেপ৷ এই পদক্ষেপ ৰাজ্য চৰকাৰখনে প্রতি বছৰে অব্যাহত ৰাখিলে আমাৰ সমাজ জীৱনৰ উত্তৰণৰ পথো মসৃণ হৈ উঠিব৷