ধুবুৰীৰ ভেটাবাজাৰত নিচাযুক্ত দ্ৰব্য জব্দ
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : যোৱানিশা আৰক্ষীৰ অভিযানত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভেটাবাজাৰ চতুৰ্থ খণ্ডৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী ফেব্ৰুৱাৰী আৰু চিআৰপিএফৰ এটি যৌথ দলে ভেটাবাজাৰ চতুৰ্থ খণ্ড অঞ্চলৰ এটা গৃহত এক অভিযান চলাইছিল। উক্ত অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ জনৈক আমজাদ আলী আৰু শ্বাহ আলম নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীকো কৰায়ত্ত কৰে অভিযানকাৰী দলটোৱে।
প্ৰেৰক : অমিতাভ চক্ৰৱৰ্তী