নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী – পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে বৈঠালাংছ’ আৰক্ষীৰ অভিযান অব্যাহত আছে । নগাঁও, হোজাই জিলাৰ একাংশ ড্ৰাগছ ব্যৱসায়ীৰে জড়িত পশ্চিম কাৰ্বি আংলং জিলাৰ নৱপ্ৰজন্মৰ বহু যুৱক ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছতেই ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে ।
যোৱা সোমবাৰে অংকুৰ বৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰাৰ পিছৰে পৰা বৈঠালাংছʼ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । বৈঠালাংছʼ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকি পেগুৰ নেতৃত্বত আৰক্ষীৰ দলে চলোৱা অভিযানৰ সময়ত বৈঠালাংছ’ৰ ডংকামোকামৰ পৰা নিচাযুক্ত ড্ৰাগছসহ চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱককেইজন ক্ৰমে জনাছিং বে,ৰাজেশ তেৰণ,জয়ছিং তিমুং আৰু আলফায়াছ ছিংথাং ।
ধৃত যুৱককেইজনৰ পৰা আৰক্ষীয়ে ১৮.৬২ গ্ৰাম সন্দেহযুক্ত হেৰইন, ২৮টা নিচাযুক্ত টেবলেট, ৩০ খালী কন্টেইনাৰ, ৫টা বেজীৰ চিৰিঞ্জ,দুটা মবাইল হেণ্ডচেট আদিকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰিছে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ