নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ নির্ভয়া গণধর্ষণ আৰু হত্যাকাণ্ড গোচৰৰ অন্যতম অভিযুক্ত পৱন কুমাৰ গুপ্তাই নিজকে নাবালক বুলি কৰা আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে৷
২০১২ চনত সংঘটিত দিল্লীৰ গণধর্ষণ কাণ্ডৰ সময়ত অভিযুক্ত পৱন গুপ্তাই নিজকে নাবালক বুলি দাবী কৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল৷ কিন্তু আদালতে পৱনৰ আবেদন নাকচ কৰিছিল৷ কিন্তু সেই ৰায়দানক প্রত্যাহ্বান জনাই অভিযুক্ত পৱন উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও সোমবাৰে ন্যায়ালয়ে সেই আবেদন খাৰিজ কৰে৷
ন্যায়াধীশ আৰ বানুমাথিৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ধর্ষণ কাণ্ডৰ সময়ত পৱনৰ বয়স ১৯ বছৰ হোৱা বুলি জানিবলৈ দিয়ে৷
উল্লেখ্য যে অহা ১ ফেব্রুৱাৰীৰ পুৱা ৬ বজাত পৱন গুপ্তাৰ লগতে আন তিনিজন অভিযুক্ত বিনয় শর্মা, মুকেশ কুমাৰ আৰু অক্ষয় কুমাৰ সিঙক ফাঁচি দিয়া হ’ব৷
ইফালে, ধর্ষণ–হত্যাৰ বলি হোৱা নির্ভয়াৰ মাতৃ আশা দেৱীয়ে অভিযোগ কৰিছে যে এই গোচৰৰ অপৰাধীকেইজনে আইনৰ সৈতে খেলা কৰিছে৷ প্রতিজনেই ফাঁচিৰ ৰায়দান কার্যকৰী কৰাত বিলম্বৰ সৃষ্টি কৰিছে৷ আইনৰ সৈতে খেলিব বিচৰা প্রতিজন দোষীকে এজন এজনকৈ ফাঁচি দিব লাগে বুলিও ক্ষুব্ধ আশা দেৱীয়ে মন্তব্য কৰে৷