ব্ৰহ্মধৰ্ম সমিতিৰ অধিৱেশনৰ দিন সলনি
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ সদৌ ব্ৰহ্মধৰ্ম সমিতিৰ ৪৭সংখ্যক অধিৱেশনখন অহা ২৫,২৬ আৰু ২৭ ফেব্ৰুৱাৰীত বাক্সা জিলাৰ ছিমলাৰ হজুৱাত অনুষ্ঠিত কৰাৰ দিন ঠিক কৰা হৈছিল যদিও এবছৰৰ পূৰ্বে লোৱা প্ৰস্তাৱ অনুসৰি একে তাৰিখতে ইউবিপিঅৰ অষ্টম বাৰ্ষিক বছৰেকীয়া অধিৱেশন কাৰ্বি আংলং জিলাৰ লাংহিনত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলি আছে।
এনে পৰিস্থিতিত বড়ো জনগোষ্ঠীৰ মাজত একে তাৰিখতে দুটা সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিলে হ’ব পৰা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইউবিপিঅ আৰু বিকেডব্লিউএচিয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই সদৌ ব্ৰহ্ম ধৰ্ম সমিতি আৰু অধিৱেশনৰ অভ্যৰ্থনা সমিতিয়ে প্ৰস্তাৱিত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ ৪৭সংখ্যক অধিৱেশনখন বাক্সা জিলাৰ ছিমলাৰ হজুৱাত অহা ২৮ ফেব্ৰুৱাৰী, ১ আৰু ২ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।
ইউবিপিঅৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিকেডব্লিউএচিৰ শিক্ষা বিভাগৰ ইএম অনিল বসুমতাৰীৰ মধ্যস্থতাত অনুষ্ঠিত আলোচনামৰ্মে সদৌ ব্ৰহ্ম ধৰ্ম সমিতি আৰু সংগঠনটোৰ ৪৭ সংখ্যক অধিৱেশনৰ অভ্যৰ্থনা সমিতিলৈ ইউবিপিঅ আৰু বিকেডব্লিউএচিয়ে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে।
প্ৰেৰক কৰবী দলে