নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ লোকসভাত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সাতীৰমণে দাখিল কৰা কেন্দ্রীয় বাজেট ২০২২–২৩ক লৈ গভীৰ অসন্তুষ্টি প্রকাশ কৰিছে বিৰোধী দলে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা শাসকীয় বিজেপি আৰু মিত্রদলৰ জনপ্রতিনিধিয়ে বাজেটখনক লৈ সন্তুষ্টি ব্যক্ত কৰিলেও বিৰোধী দলে বাজেটখনক জনবিৰোধী বাজেট আখ্যা দিছে৷ লোকসভা আৰু ৰাজ্যসভাত প্রধান বিৰোধী দল কংগ্রেছে বাজেটখনক লৈ প্রতিক্রিয়া ব্যক্ত কৰি মোদী চৰকাৰৰ শূন্য অংকৰ বাজেট আখ্যা দিছে৷ কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীয়ে বাজেটখনক লৈ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে দৰমগাভোগী শ্রেণী, মধ্যবিত্ত শ্রেণী, দুখীয়া আৰু বঞ্চিত শ্রেণী, যুৱ, কৃষক আৰু এমএছএমইৰ কাৰণে বাজেটত একো নাই৷ তদুপৰি কংগ্রেছ নেতা সাংসদ মল্লিকার্জুন খার্গেই কয় যে বাজেটখন কেৱল ধনীৰ কাৰণেহে৷ দুখীয়াৰ কাৰণে একো নাই৷ এইখন অর্জুন আৰু দ্রোণাচার্যৰ বাজেট৷ একলব্যৰ নহয়৷ বাজেটত ক্রীপ্ঢ’ কাৰেন্সী উল্লেখ কৰা হৈছে৷ যিখনক লৈ কোনো আইন নাই৷ আনকি বাজেট ঘোষণাৰ পূর্বে তেওঁলোকৰ সহযোগীৰ সৈতেও আলোচনা কৰা নাই৷
আন এগৰাকী কংগ্রেছ নেতা আনন্দ শর্মাই কয় যে দুখীয়া, সাধাৰণ নাগৰিক আৰু কৰদাতাই মুদ্রাস্ফীতিৰ ফলত ভুগি থকা নেতিবাচক প্রভাৱৰ পৰা বাজেটৰ জৰিয়তে উদ্ধাৰ হোৱাৰ কোনো সকাহ নাই৷ ক্ষুদ্র উদ্যোগীৰ কাৰণেও বাজেটত কোনো সকাহ নাই৷ দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পার্টীৰ মুৰব্বী অৰৱিন্দ কেজৰিৱালে বাজেটখন নিৰাশাজনক আৰু সাধাৰণ নাগৰিকৰ বাবে একো নাই বুলি ব্যক্ত কৰিছে৷ বাজেট দাখিলৰ পাছতেই টুইটযোগে মুখ্যমন্ত্রী কেজৰিৱালে কয়– কেন্দ্রীয় বাজেটক লৈ দেশৰ জনতাৰ অতি আকাংক্ষা আছিল যদিও ক’ৰোনাপিষ্ট দেশৰ নাগৰিকে বাজেটখনৰ পৰা একো নাপালে৷ আনকি মূল্যবৃদ্ধি হ্রাস কৰাৰ ক্ষেত্রতো কোনোধৰণৰ পদক্ষেপ বাজেটত দেখা নগ’ল৷ আনপিনে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বাজেটখনক পেগাছাছ বাজেট আখ্যা দিছে৷ বাজেট ঘোষণাৰ পাছতেই প্রতিক্রিয়া ব্যক্ত কৰি পশ্চিমবংগৰ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সংস্থাপনহীনতা আৰু মুদ্রাস্ফীতিৰ দ্বাৰা বিধ্বস্ত সাধাৰণ নাগৰিকে বাজেটখনত একো নাপালে৷ অর্থাৎ বাজেটখন সাধাৰণ নাগৰিকৰ বাবে শূন্য৷ চৰকাৰে সকলো হেৰুৱাইছে৷ ই হৈছে পেগাছাছৰ দ্বাৰা ঘূৰন্ত বাজেট৷ বিৰোধী দল এনচিপি, টিএমচি, ডিএমকে, শিৱসেনাকে ধৰি বিভিন্ন দলে মোদী চৰকাৰৰ বাজেটখনে সাধাৰণ নাগৰিকৰ ক্ষেত্রত একো আশা উজ্জীৱিত নকৰিলে বুলি সমালোচনা কৰিছে৷