ভয়াৱহভাৱে বিয়পিব পাৰে অমিক্ৰনৰ নতুন ভেৰিয়েণ্ট
বিশেষ বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অমিক্ৰনৰ ছাবভেৰিয়েণ্ট এটাই এইবাৰ ভয়াৱহ সংক্ৰমণ সৃষ্টি কৰিব পাৰে। এই নতুন ছাবভেৰিয়েণ্ট ৫৭ খন দেশত বিচাৰি পোৱা গৈছে। মূল ভাইৰাছতকৈ এইবিধ অধিক জটিল আৰু সংক্ৰামক। এই সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ। ১০ সপ্তাহ আগতে দক্ষিণ আফ্ৰিকাত প্ৰথম পোৱা গৈছিল এইবিধ ভাইৰাছৰ উপস্থিতি। বিভিন্ন ধৰণে মিউটেছন হৈ এই বিধ ভাইৰাছ ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে।