নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱেংকাৰ প্ৰশ্নঃ ফেভিক’ল নে এলক’হল

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ  টুইটাৰত এটি প্ৰশ্ন, আৰু তাৰে মাজৰ সৰ্বোকৃষ্ট উত্তৰটো। দেশৰ প্ৰখ্যাত উদ্যোগপতি হৰ্ষ গোৱেংকাই অলপতে টুইটাৰত এটি প্ৰশ্ন তোলে- What’s better for bonding – fevicol or alcohol? হয়তো ধেমালি বা ৰসিকতাৰ বাবেই তেওঁ এই প্ৰশ্ন কৰে।ইয়াৰ পাছতে তেওঁৰ অলেখ অনুৰাগীয়ে খুব সুন্দৰ সুন্দৰ উত্তৰ দি যায়। কিন্তু ইয়াৰ মাজতে সবাতোকৈ বুদ্ধিদীপ্ত উত্তৰটো দি চমক দিলে খোদ ফেভিক’ল ব্ৰেণ্ডে।

ফেভিক’লে লিখিলে এনেদৰে- Depends on whether you want to bond for an evening or for life! এঠাৰ প্ৰখ্যাত প্ৰতিষ্ঠান ফেভিক’লৰ বাণিজ্যিক বিজ্ঞাপনবোৰে সদায়ে দৰ্শকক মনোৰঞ্জন দি আহিছে। এইবাৰ টুইটাৰত গোৱেংকাৰ প্ৰশ্নৰ বুদ্ধিদীপ্ত উত্তৰ দি চৰ্চাৰ সৃষ্টি কৰিছে।

You might also like