বাজেটত দুখীয়া–মধ্যবিত্ত শ্রেণী–যুৱপ্রজন্মক প্রাধান্য দিয়া হৈছে
‘আত্মনির্ভৰ অর্থব্যৱস্থা’ দেশজুৰি বিজেপি কর্মীক সম্বোধন মোদীৰ
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় বাজেট ২০২২–২৩ক লৈ মিশ্রিত প্রতিক্রিয়াৰ মাজতে বুধবাৰে বাজেট সন্দর্ভত দেশজুৰি বিজেপি কর্মীক সন্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ‘আত্মনির্ভৰ অর্থব্যৱস্থা’ শীর্ষক কার্যসূচীত ভার্চুৱেলী দেশৰ প্রান্তে প্রান্তে থকা বিজেপি কর্মীৰ সৈতে বার্তালাপ কৰি প্রধানমন্ত্রী মোদীয়ে বাজেট সন্দর্ভত চৰকাৰৰ স্থিতিৰ বিষয়ে অৱগত কৰে৷ প্রধানমন্ত্রী মোদীয়ে বাজেটখনে দুখীয়া, মধ্যবিত্ত শ্রেণী, যুৱকক প্রাধান্য দিয়াৰ লগতে ভাৰতীয় কৃষিক আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিয়া বুলি কয়৷ ভার্চুৱেলী সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– বাজেটত দুখীয়া, মধ্যবিত্ত আৰু যুৱকৰ বুনিয়াদী প্রয়োজন পূৰণত গুৰুত্ব দিয়া হৈছে৷ চৰকাৰে বুনিয়াদী সুবিধাসমূহ উপলব্ধ কৰাৰ বাবে গুৰুত্ব দি আহিছে৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়ে কয়– ক’ভিডোত্তৰ সময়ত নতুন বিশ্বৰ সম্ভাৱনা বাঢ়ি গৈ আছে আৰু ইতিমধ্যে ইয়াৰ পৰিক্রমা দৃশ্যমান হৈছে৷ এই সময়ছোৱাত বিশ্বৰ দৃষ্টিকোণত ভাৰততো অনেক সলনি হৈছে৷ বিশ্বই শক্তিশালী ভাৰত বিচাৰে৷ বাজেটত ভাৰতক আধুনিকতাৰ পথে আগবঢ়াই নিয়া কেইবাটাও পদক্ষেপ গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– বিগত ৭ বছৰত ভাৰতীয় অর্থনীতি বৃহৎ কৰি তুলিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ৭–৮ বছৰ পূর্বে ভাৰতৰ জি ডি পি আছিল ১.১০ লাখ কোটি টকা৷ আজি আমাৰ জি ডি পি প্রায় ২.৩ লাখ কোটি টকা৷ ২০১৩–১৪ চনত ভাৰতৰ ৰপ্তানিৰ মূল্য আছিল ২.৮৫ লাখ কোটি টকা আৰু আজি ৪.৭ লাখ কোটি টকা৷ আনপিনে, ভাৰতীয় কৃষিক আধুনিকীকৰণ কৰাৰ বাবে বাজেটত বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে বাজেটত ভাৰতীয় কৃষিক আধুনিকীকৰণত প্রাধান্য দি জৈৱিক কৃষিক গুৰুত্ব দিয়া হৈছে৷ ইয়ে কৃষিক অধিক আকর্ষণীয় কৰি তুলিব৷ কিষাণ ড্র’ন আৰু আন সঁজুলি দেশৰ কৃষকৰ বাবে উপলব্ধ হ’ব৷ বাজেটত সীমান্তৰ গাঁওসমূহ বিকাশৰ ওপৰতো গুৰুত্ব দিয়া হৈছে৷ সীমান্তত অৱস্থিত বিদ্যালয়ত এন চি চি কেন্দ্র স্থাপনৰ প্রস্তাৱ আগবঢ়োৱা হৈছে৷ প্রধানমন্ত্রীগৰাকীয়্ জল জীৱন মিছন, দুখীয়াৰ কাৰণে ঘৰ নির্মাণ আদিৰ বিষয়ে উল্লেখ কৰি বাজেটত এই সন্দর্ভত অধিক পুঁজি আবণ্টন দিয়া বুলিও কয়৷ মন কৰিবলগীয়া যে কালি লোকসভাৰ মজিয়াত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে সাধাৰণ বাজেট ২০২২–২৩ দাখিল কৰাৰ পাছতেই প্রধানমন্ত্রী মোদীয়ে এই বাজেটখনে দেশৰ জনতালৈ আশা কঢ়িয়াই অনাৰ লগতে বাজেটখনক নাগৰিক বন্ধুত্বমূলক আৰু প্রগতিশীল আখ্যা দিছে৷