নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আক্ৰাছুৰ ৰহা আঞ্চলিক সমিতি গঠন

গুণেন্দ্ৰ বৰা সভাপতি, যুগল ডেকা সাধাৰণ সম্পাদক নিৰ্বাচিত

নিয়মীয়া বাৰ্তা,৩ ফেব্ৰুৱাৰী: সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত কালি ৰহা আঞ্চলিক সমিতিখন গঠন কৰা হয়। তদুপলক্ষে ৰহাৰ নিকটৱৰ্তী কটহগুৰি বুঢ়ানামঘৰ প্ৰাংগণত অনুষ্ঠিত এক সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে গুণেন্দ্ৰ বৰাক সভাপতি আৰু যুগল ডেকা সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।

নগাঁও জিলা আক্ৰাছুৰ সভাপতি শিৱ প্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বৃহত্তৰ ৰহা অঞ্চলৰ ৰহাচকী, মহাদেওশাল,দীঘলদৰি, খাইগড়,মেটেকা, ৰূপহীতলী, সৰাগাঁও, কটহগুৰি, ববৰাআটি, কহিগুৰি, ৰহা টোপাকুচি, ৰজাগাঁও, ফুলগুৰি,কামগাঁও, চাপৰমুখ আদি অঞ্চলৰ শতাধিক লোক উপস্থিত আছিল।

উল্লেখ্য যে সভাত উপস্থিত থাকি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বহুকেইগৰাকী নেতাই বিগত সময়ত অসম তথা কেন্দ্ৰীয় চৰকাৰে কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া মাজলৈ আনিও অতি ৰহস্যজনকভাৱে স্থগিত ৰাখি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সমগ্ৰ অসমতে পুনৰ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

আনহাতে বিজেপি চৰকাৰে নিৰ্বাচনৰ আগতে এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও শেষত নিৰ্বাচনত জয়ী হৈ শাসনৰ গাদী দখল কৰি বৰ্তমান অবিভক্ত গোৱালপাৰা আৰু মধ্য, উজনি অসমৰ কোচ ৰাজবংশী লোকসকলৰ মাজত বিভেদ আনিবলৈ প্ৰচেষ্টা চলোৱা ষড়যন্ত্ৰ চলাইছে বুলি অভিযোগ কৰে। কিন্তু এনে চৰকাৰী ষড়যন্ত্ৰ যিমানেই নহওক, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ন্যায্য প্ৰাপ্যৰ দাবীত কেতিয়াও আপোচ নকৰে আৰু প্ৰয়োজনত তীব্ৰতৰ আন্দোলন চলিব বুলি হুংকাৰ দিয়ে।

সভাত জিলা সাধাৰণ সম্পাদক অনন্ত বৰা, উপসভাপতি লক্ষীপ্ৰসাদ ডেকা, উপদেষ্টা সুভাষ ডেকা, প্ৰফুল্ল ডেকা, চন্দ্ৰকান্ত ডেকা, ভৱজ্যোতি ডেকা, পংকজ বৰা, কোষাধক্ষ্য সঞ্জীৱ ডেকাকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীও পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে।

প্ৰেৰক ভৱজ্যোতি ডেকা

You might also like