নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাৰ স্পর্শকাতৰ কৰিড’ৰত বেদখলকাৰীলৈ ৰাজ্য চৰকাৰৰ জাননী

চেণ্ড্রেল এম্পাৱার্ড কমিটীক জনালে মুখ্য সচিবে

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ  কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ১,৩০০ বর্গমিটাৰজোৰা এনিমেল কৰিড’ৰ বেদখল কৰি থকা লোকসকললৈ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ এই জাননীৰ সময় উকলি গ’লেই উক্ত অঞ্চলটোত চআৰম্ভ কৰিব উচ্ছেদ অভিযান৷ চেণ্ড্রেল এম্পাৱার্ড কমিটীক এই কথা সদৰী কৰিছে অসম চৰকাৰে৷ এখন পত্রৰ জৰিয়তে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কমিটীখনৰ সদস্য সচিব অমৰনাথ ছেট্টিক অৱগত কৰাৰ লগতে বেদখল উচ্ছেদৰ বাবে অধিক সময় বিচাৰে৷

উল্লেখ্য যে কাজিৰঙাৰ এনিমেল কৰিড’ৰ হিচাপে চিহ্ণিত ৯ স্থানত যিকোনো ধৰণৰ নির্মাণকার্যত নিষেধাজ্ঞা আৰোপ কৰিছিল উচ্চতম ন্যায়ালয়ে৷ ২০১৯ চনৰ এপ্রিলত উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰি নির্দেশনা দিয়াৰ পাছতো কেবিনেট কৰিড’ৰসমূহত বিভিন্ন নির্মাণকার্য অব্যাহত আছিল৷ পৰিৱেশকর্মী ৰোহিত চৌধুৰীয়ে এখন পত্রযোগে অভিযোগ কৰিছিল যে এই এনিমেল কৰিড’ৰসমূহৰ চাৰিটা স্থানত উচ্চতম ন্যায়ালয়ৰ নির্দেশনা সম্পূর্ণৰূপে উলংঘা কৰা হৈছে৷ আমগুৰি, কাঞ্চনজুৰি, হাৰমতী আৰু হাতীদণ্ডিত এই উলংঘন কার্য অব্যাহত থকা বুলি তেওঁ চেণ্ড্রেল এম্পাৱার্ড কমিটীক সদৰী কৰিছিল৷

ইয়াৰ পাছতে কমিটীখনে এই সন্দর্ভত যাৱতীয় উত্তৰ বিচাৰি ৰাজ্য চৰকাৰলৈ পত্র প্রেৰণ কৰিছিল৷ যাৰ উত্তৰত মুখ্য সচিবে প্রকাশ কৰে যে নগাঁও জিলাৰ উপয়ুক্তই ইতিমধ্যে এই এনিমেল কৰিড’ৰত থকা ৬খন ধাবা, ৰেষ্টুৰেণ্ট আৰু ৰিজ’টৰ স্বত্বাধিকাৰীলৈ জাননী জাৰি কৰিছে৷ সেইদৰে গোলাঘাটৰ উপায়ুক্তয়ো একেধৰণৰ ব্যৱস্থা গ্রহণ কৰি দুখন ৰিজ’টৰ স্বত্বাধিকাৰীলৈ জাৰি কৰিছে জাননী৷ তদুপৰি এই পত্রত মুখ্য সচিবে উল্লেখ কৰে যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আৰু ইয়াৰ সংলগ্ণ সংৰক্ষিত অঞ্চলসমূহ তথা সংৰক্ষিত বনাঞ্চলসমূহক পাৰিপার্শ্বিক স্পর্শকাতৰ মণ্ডল হিচাপে চিহ্ণিত কৰাৰ বাবে খচৰা অধিসূচনাৰ কাম দ্রুতগতিৰে আৰম্ভ কৰিছে৷ ইতিমধ্যে পৰিৱেশ মন্ত্রালয়লৈ এই খচৰা প্রেৰণ কৰিছে৷ এনিমেল কৰিড’ৰ হিচাপে চিহ্ণিত এই ৯টা স্থান পাৰিপার্শ্বিক স্পর্শকাতৰ মণ্ডলৰ অন্তর্ভুক্ত কৰাৰ বাবে প্রস্তাৱ গ্রহণ কৰা হৈছে বুলিও মুখ্য সচিবে পত্রখনত উল্লেখ কৰিছে৷ৰকাৰে

You might also like