জিতেন্দ্র নাথ বৰালৈ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা-২০২২
নিয়মীয়া বাৰ্তা, ৪ ফেব্রুৱাৰীঃ অসমৰ নাট্য জগতলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নগাঁও নিৱাসী বিশিষ্ট নাট্যশিল্পৰ সাধক জিতেন্দ্র নাথ বৰালৈ ২০২২ বর্ষৰ বাবে স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে সদৌ গুৱাহাটী ছাত্র সন্থাৰ ছাত্র–শিল্পী–সাহিত্যিক্ কল্যাণ ন্যাসে প্রতিবছৰে অসমৰ এগৰাকী বিশিষ্ট অভিনতা, নাট্যকাৰ, চিত্র–নাট্যকাৰ, প্রযোজক, পৰিচালক প্রয়াত অমূল্য কাকতীৰ সোঁৱৰণত অসমৰ কৃষ্টি–সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক ভাস্কর্য শিল্পী বীৰেন সিংহই তৈয়াৰ কৰা এটা স্মাৰক আৰু নগদ ধনেৰে এই বঁটা প্রদান কৰি আহিছে৷ সদৌ গুৱাহাটী ছাত্র সন্থাৰ ছাত্র–শিল্পী–সাহিত্যিক্ কল্যাণ ন্যাসৰ সভাপতি বীৰেন সিংহ আৰু সম্পাদক বিপুল ৰাভাই আজি ২০২২ বর্ষৰ বাবে এই বঁটা ঘোষণা কৰি অহা ৯ ফেব্রুৱাৰীত দিনৰ ২ বজাত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্রৰ প্রেক্ষাগৃহত নাট্যশিল্পৰ সাধকগৰাকীক আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব বুলি এক প্রেছ বিজ্ঞপ্তিত প্রকাশ কৰিছে৷ উল্লেখ যে বিগত বছৰবোৰত বৰঢুলীয়া কনক চন্দ্র দাস, অভিনেতা তপন দাস, সংগীত শিল্পী পখিলা লেপথেপি, নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেইন, লোকশিল্পী মিলাদৈ মেদক, সাহিত্যিক, সংৰক্ষক ড০ দিলীপ কুমাৰ দত্ত, চিত্রশিল্পী, কার্টুনিষ্ট ত্রৈলোক্য দত্ত, নাট্যকাৰ সেৱাব্রত বৰুৱা, লোক–কৃষ্টিৰ সাধক সচ্ছিদানন্দ বৰা, নাট্যকাৰ, পৰিচালক লিয়াকত আলী, অভিনেত্রী মণি বৰা দেৱী, নাট্যকাৰ, পৰিচালক, সপোনজ্যোতি ঠাকুৰ, সংগীত শিল্পী পংকজ বৰদলৈ আৰু লোক–কৃষ্টিৰ সাধক ধৰণী বাণিক্যক এই বঁটা প্রদান কৰা হৈছিল৷