সফলতাৰে আজি ১২ বছৰ সম্পূৰ্ণ কৰিলে নিউজ লাইভে
নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ উপজা মাটিৰ পৰশেৰে উজ্জীৱিত অসমৰ প্ৰথমটো চেটেলাইট চেনেল নিউজ লাইভে বিগত এটা দশক পাৰ কৰি আজি গৌৰৱোজ্জল ১২ বছৰ সম্পূৰ্ণ কৰিলে ।
২০০৮ বৰ্ষৰ ২১ জানুৱাৰীত উত্তৰ-পূব ভাৰতৰ দ্বিতীয়টো চেটেলাইট চেনেল ৰূপে ভূমিষ্ঠ হোৱা নিউজ লাইভে আজি দ্বাদশ বৰ্ষ অতিক্ৰম কৰিলে ।
এটা ২৪ ঘণ্টীয়া অসমীয়া নিউজ চেনেল ৰূপে বৰ্তমান সমাজৰ সকলো বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰি অসমৰ সংবাদ মাধ্যমত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা অসমৰ প্ৰথমটো চেটেলাইট চেনেলে ভৰি দিলে ১৩ বছৰত ।
নিউজ লাইভ হৈছে উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট তথা প্ৰথম বিনামূলীয়া (ফ্ৰী টু এয়াৰ) চেটেলাইট নিউজ চেনেল (বৰ্তমান পে’ চেনেল) ।
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰেজেণ্টৰ প্ৰথমটো চেটেলাইট চেলেন ৰূপে চিনাকি নিউজ লাইভৰ শ্ল’গান হৈছে “Pushing Northeast 24×7” (পুচিং নৰ্থ-ইষ্ট ২৪x৭) ।
মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনৰ নেতৃত্বত বৰ্তমান নিউজ লাইভে অসমৰ সকলো ক্ষেত্ৰতে নিৰবিচ্ছিন্ন ভাৱে খবৰ সংগ্ৰহ কৰি সকলো ধৰণৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাত পূৰ্ণ সমৰ্থন লাভ কৰিছে ।
এই বিশেষ দিনটোত নিউজ লাইভক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চেনেলটোৰ সমূহ কৰ্মকৰ্তাক অভিনন্দন জনাই নিস্বাৰ্থভাৱে অসমৰ ৰাইজৰ বাবে সেৱা সদায়ে আগবঢ়াই যোৱাৰ কামনা কৰে ।
ইপিনে এই দিনটোত নিউজ লাইভক শুভেচ্ছা জ্ঞাপন কৰি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কয়- “অসমৰ সংবাদ মাধ্যমলৈ কাৰিকৰী ক্ষমতা, নিৰ্ভীক সাংবাদিকতা আৰু অসমৰ বিকাশ যাত্ৰাত বিৰামহীন সহযোগিতা পালন কৰি অহা নিউজ লাইভৰ এই ১২ বৰ্ষপূৰ্তিত চেনেলটোৰ সৈতে জড়িত আটাইলৈ অভিনন্দন জনালো ।” লগতে অসমৰ সংবাদ মাধ্যমত এক বিবেকৰ ভূমিকা পালন কৰি নিউজ লাইভে জাতিটোক আগুৱাই লৈ যাওক বুলিও তেওঁ মন্তব্য কৰে ।
For 12 years, @NewsLiveGhy has served the news and entertainment needs of people of NorthEast with diligence & commitment. Heartiest compliments to team of @rinikibsharma and @ZarirHussains for having infused the information landscape of region with dynamism.
Congratulations!
— Himanta Biswa Sarma (@himantabiswa) January 21, 2020
ইয়াৰোপৰি নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে নিউজ লাইভৰ বৰ্ষপূৰ্তিত চেনেলটোৰ লগত জড়িত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি নিউজ লাইভৰ উজ্জল ভৱিষ্যত কামনা কৰে ।