জোনাইত বিধ্বংসী ধুমুহাত কেবা ঠাইটো ছিঙিল বিদ্যুতৰ তাঁৰ, উভালি পৰিল খুঁটা
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ জোনাই মহকুমাত প্ৰচণ্ড ধুমুহা-বতাহ বৰষুণে বিভিন্ন অঞ্চলত চলালে তাণ্ডৱ৷ কালি সন্ধিয়া প্ৰছণ্ড জোৰেৰে বলা বিধ্বংসী ধূমূহাৰ ফলত ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰহাতীজান, তাণ্ডৱ চলায়। নিমিষতে অহা প্ৰাকৃতিক দুৰ্যোগৰ ফলত জোনাইৰ ডেকা মিচিং, ৰাখুট ককে, লাইমেকুৰী, বিৰবাৰী, আৰু চিমেন চাপৰি অঞ্চলত কেবাঠাইত বিদ্যুতৰ খুঁটা পৰি যোৱাৰ লগতে বিদ্যুতৰ লাইনত গছ পৰি যোৱাৰ ফলত নিশাৰ পৰা দুপৰীয়া ১২ বজালৈ বিদ্যুৎসেৱা ব্যাহত হৈ পৰে জোনাইত।
ইফালে কালি নিশা ৭-৩০ বজাত অহা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিগ্ৰস্ত হয়। প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিয়ে চিমেন চাপৰি কলেজ তিনিআলিৰ অমৰ বসুমতাৰীৰ ঘৰদুৱাৰ ভাঙি টিনপাত উৰুৱাই নিয়ে।চিমেন চাপৰি জাতীয় বিদ্যালয়ৰ তিনিটা শ্ৰেণীকোঠাৰ টিনপাত উৰুৱাই নিয়াৰ ফলত আজি সৰস্বতী পূজা পালনত অসুবিধাৰ সন্মুখীন হব লগা হৈছে।
আনহাতে চিমেন চাপৰি জুবিলি চাৰিআলিৰ সমীপত গাউদাং হোটেলৰ কাষত ওজোপা প্ৰকাণ্ড গছ উভালি পৰাত কথমপি হোটেলখন ক্ষয়ক্ষতিৰ পৰা হাতসাৰে। ধুমুহা, শিলাবৃষ্টিৰ ফলত চিমেন চাপৰিত কালিৰে পৰাই বিদ্যুৎ সেৱা বন্ধ হৈ থকাৰ বাবে আন্ধাৰত দিন অতিবাহিত কৰিব লগা হৈছে চিমেন চাপৰিবাসী।