নিয়মীয়া বার্তা, ২১ জানুৱাৰীঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তর্গত ৩নং দক্ষিণ মাক্রাত সোমবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ নিজ পিতৃয়ে বিহ খুৱাই ৯ মহীয়া সন্তানক হত্যা কৰে ৷ মৃত কন্যা সন্তানটোৰ নাম নুৰেজা খাতুন ৷ লগতে আন এগৰাকী ৫ বছৰীয়া কন্যা সন্তান আচমিনা খাতুন সংকটজনক অৱস্থাত বঙাইগাঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে ৩নং দক্ষিণ মাক্রা নিৱাসী কৃষক হাকিমুদ্দিন শ্বেখ (৪০)ৰ একেখন গাঁৱৰে অম্বিয়া খাতুনৰ সৈতে বিবাহ হৈছিল ৷ ৪গৰাকী কন্যা, ১টা পুত্র সন্তানৰ পিতৃ হাকিমুদ্দিন শ্বেখ আৰু মাতৃ অম্বিয়া খাতুনৰ প্রায়ে পাৰিবাৰিক কাৰণত কাজিয়া হৈছিল ৷ যাৰ বাবে বিগত এমাহে সন্তানসহ মাতৃ অম্বিয়া খাতুন নিজৰ মাকৰ ঘৰত আছে ৷ সোমবাৰে পুৱা পিতৃ হাকিমুদ্দিনে দুই কন্যা সন্তান নুৰেজা খাতুন আৰু আচমিনা খাতুনক কৌশলেৰে নিজৰ আন এগৰাকী কন্যাৰ জৰিয়তে নিজ গৃহলৈ আনি কৃষিকার্যত ব্যৱহৃত কীটনাশক খুৱাই পুনৰ মাকৰ ওচৰলৈ পঠিয়াই দিয়ে কন্যা দুগৰাকীক ৷ ঘৰৰ পৰা ওলাই মাতৃৰ ওচৰ গৈ পোৱাৰ আগতে বাটতে বিষক্রিয়া হয় ৷ চুবুৰীয়া লোকে গম পাই ততালিকে সন্তান দুটিক চিকিৎসালয়লৈ লৈ যায় ৷ পিতৃ হাকিমুদ্দিন শ্বেখে নিজ মুখেৰে স্বীকাৰ কৰে এই ঘটনাৰ কথা ৷ পিছত আৰক্ষীক স্থানীয় লোকে খবৰ দিয়ে৷ আৰক্ষীয়ে পাষণ্ড পিতৃ হাকিমুদ্দিন শ্বেখক গ্রেপ্তাৰ কৰে ৷
Next Post
You might also like