কোকৰাঝাৰত সজাগতা সভা
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : শিক্ষা, বাল্যবিবাহ, মাদকদ্ৰব্য সেৱন আৰু কৰ’ণা ভাইৰাছৰ টিকাকৰণৰ ওপৰত জয়পুৰ প্ৰাথমিক বিদ্যালয় চৌহদত সজাগতা সভা অনুষ্ঠিত হয় । কোকৰাঝাৰ জিলাৰ ইষ্ট মালিগাঁও মহনপুৰ ভি চি ডি চিৰ অন্তৰ্গত জয়পুৰ প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা সৰ্বশিক্ষা অভিযান মিছনৰ জিলা আঁচনি বিষয়া জাহাংগীৰ হুছেইনে শিক্ষা, বাল্যবিবাহ, মাদকদ্ৰব্য সেৱন, কৰনা ভাইৰাছৰ টিকাকৰণ আৰু মবাইল ফোনৰ অপকাৰিতাৰ ওপৰত সকলোৰে মনোগ্ৰাহীকৈ বক্তব্য দাঙি ধৰে ।
বিশেষকৈ কম বয়সত বিবাহপাশত আৱদ্ধ হোৱাৰ ফলত পৰিয়ালৰ লগতে সমাজৰ কি দৰে ক্ষতি হয় উদাহৰণসহ বক্তব্য দাঙি ধৰে । জয়পুৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বাবুৰাম মূৰ্মূৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্বোধনী ভাষণ ৰাখে সংবাদ দাতা ভৃগুমুনি ৰায়ে ।
শিক্ষাৰ লগত শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লগতে ব্যৱসায়-বানিজ্য, ৰাজনীতি, জাতীয় উন্নয়ন আদি সৰ্বতো বিকাশৰ ক্ষেত্ৰত শিক্ষাই হৈছে প্ৰধান বুলি তেওঁ কয় । শিক্ষাৰ প্ৰসাৰ বৃদ্ধি হলে সমাজৰ পৰা বাল্যবিবাহ, মদ্যপান আদি লোপ পাব বুলিও তেওঁ ব্যক্ত কৰে । পিছপৰা অঞ্চলত অহৰহ লাগি থাকি শিক্ষাত জাগৰণ আনিবলৈ সক্ষম হোৱা ৰাজ্যিক,ৰাষ্ট্ৰীয় পৰ্য্যায়ত কৃতি শিক্ষকৰ বঁটা লাভ কৰা তথা চেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণকান্ত দাস, জয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, সমাজকৰ্মী সত্যনাথ টুডুই অসমীয়া আৰু চাওতালী ভাষাত বিষয় বস্তুৰ ওপৰত মনোগ্ৰাহীকৈ সাৱলীল বক্তব্য দাঙি ধৰে ।
অনুষ্ঠানটিৰ আঁত ধৰে জয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুৰাম মূৰ্মূই । বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, অঞ্চলৰ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী, গাঁওবাসীয়ে পূৰ্ণ সহায়-সহযোগ আগবঢ়াই সভাখন সাফল্যমণ্ডিত কৰি তোলে ।
প্ৰেৰক ভৃগুমুনি ৰায়