বৰপেটাত মুকলি জীমৰ আধাৰশিলা স্থাপন উপায়ুক্তৰ
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : বৰপেটা চহৰৰ মহেন্দ্ৰ মোহন চৌধুৰী উদ্যানত স্থাপন কৰিবলৈ লোৱা এখন মুকলি জীমৰ আজি আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে। সাংসদ আব্দুল খালেকৰ স্থানীয় অঞ্চল উন্নয়ন পুঁজিৰ সাত লাখ টকা ব্যয়েৰে স্থাপন কৰিবলৈ লোৱা এইখনেই হ’ব জিলাখনৰ প্ৰথমখন মুকলি জীম। মৰানদীৰ পাৰৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত গুৱাহাটী-হাজো মূল পথৰ দাঁতিতে অৱস্থিত শিশু উদ্যানখনৰ এটা দিশত স্থাপন কৰিবলৈ লোৱা এই মুকলি জীমটোৱে স্থানীয় যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব বুলি উপায়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে।
তেওঁ ভাষণত কয় যে এনেধৰণৰ উদ্যানে ৰাইজৰ মাজত স্বাস্থ্য ৰক্ষাৰ সজাগতা সৃষ্টিতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। পূৰ্বে দীৰ্ঘদিন ধৰি অনাদৃত হৈ থকা উদ্যানখনৰ উন্নয়নৰ বাবে উপায়ুক্তগৰাকীয়ে হাতত লোৱা কেতবোৰ সুন্দৰ পৰিকল্পনাৰ বিষয়েও সদৰী কৰে। তেওঁ উদ্যানখন অধিক প্ৰসাৰিত কৰাৰ লগতে ইয়াত এটা দীঘলীয়া ৱাকিং ট্ৰেক নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।
লগতে তেওঁ কয় যে “এনে এখন উদ্যান গঢ়ি তোলাটো সহজ। কিন্তু বৰ্তাই ৰখাটো খুবেই কঠিন। তাৰ বাবে স্থানীয় ৰাইজৰ সম্পূৰ্ণ সহযোগ লাগিবই।” সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে সাংসদ আব্দুল খালেকক ধন্যবাদ জনায় । তেওঁ উদ্যানখনৰ অধিক উন্নয়নৰ বাবে পৰবৰ্তী বৰ্ষত নিজৰ বিধায়কৰ স্থানীয় অঞ্চল উন্নয়ন পুঁজিৰ পৰাও ধনৰ আবন্টন দিব বুলি সদৰী কৰে।
সভাত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাস আৰু জিলা ক্ৰীড়া বিষয়া অক্ষয় দাসো উপস্থিত থাকে।
প্ৰেৰক আফতাব হুছেইন