নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ ডিব্রুগড জিলাৰ মৰাণ থানাৰ অন্তর্গত চেপনৰ পৰা সোমবাৰে মৰাণ থানাৰ আৰক্ষী, ভাৰতীয় সেনাৰ ডিব্রুগডস্থিত নৱম ৰাজপুতনা বেটেলিয়ন আৰু ১৭১নং চি আৰ পি এফৰ যৌথ অভিযানকাৰী দলে আগ্নেয়াস্ত্রসহ দুজন সন্দেহযুক্ত সদৌ আদিবাসী ৰাষ্ট্রীয় মুক্তি বাহিনী (আনলা)ৰ সদস্যক গ্রেপ্তাৰ কৰে ৷ ধৃত সদস্য দুজন যোৰহাট বৰহোলাৰ টিপমীয়া গাঁৱৰ এতুৱা ওৰাঙৰ পুত্র ৰমেন ওৰাং (৩০) আৰু যোৰহাট তিতাবৰৰ কৰতিপাৰ সত্র নিৱাসী ডিম্বেশ্বৰ বৰাৰ পুত্র দীপক বৰা (২৭) বুলি জানিব পৰা গৈছে ৷ ধৃত সদস্য দুজনৰ পৰা আৰক্ষীয়ে এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন, ১০ জাঁই সক্রিয় গুলী, এটা পইণ্ট ৩২ পিষ্টল আৰু এটা মেগজিন, ৩ জজাই সক্রিয় গুলী, দুযোৰ সামৰিক পোছাক, এটা ম’বাইল ফোন, নগদ ধন আৰু আনলাৰ পেড জব্দ কৰিছে৷ ধৃত আনলা সদস্যদ্বয় ডিব্রুগড, শিৱসাগৰ আৰু যোৰহাট জিলাত বিভিন্ন সাংগঠনিক কাম–কাজ আৰু ধন সংগ্রহত জড়িত আছিল বুলি আৰক্ষীৰ সূত্রত প্রকাশ ৷ সোমবাৰে দিনৰ ভাগত যোৰহাটৰ পৰা চেপনলৈ অহাৰ বিশেষ সূত্রে তথ্য লাভ কৰাৰ পিছতে সেনা, আৰক্ষী আৰু চিআৰপিএফৰ অভিযানকাৰী দলটোৱে দুয়োকে কৰায়ত্ত কৰে ৷