লতা মংগেশকাৰৰ মৃত্যু : বাৰ্তাজীৱী সংঘৰ শোক প্ৰকাশ, ধুবুৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
লতা মংগেশকাৰৰ অসম বাৰ্তাজীৱী সংঘৰ শোক প্ৰকাশ
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। সংঘৰ সভাপতি টুটুমণি ফুকন আৰু সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই এক শোকবাৰ্তাত দেশৰ আন এক অমূল্য ৰত্ন হেৰুৱালে বুলি অভিহিত কৰে। লতাজীয়ে গোৱা অসমীয়া গীতসমূহ যুগ যুগান্তৰ ধৰি অসমীয়া মানুহৰ অন্তৰত অনুৰণিত হৈ থাকিব বুলি কয় সংঘই।
ধুবুৰীত কোকিলকণ্ঠী গায়িকা ‘ভাৰত ৰত্ন’ লতা মংগেশকাৰক শ্ৰদ্ধাৰে স্মৰণ
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : এটা যুগৰ অৱসান ঘটাই বিশ্ব বৰেণ্য শিল্পী ‘ভাৰত ৰত্ন’ লতা মংগেশকৰৰ মৃত্যুৰ বাতৰিয়ে এতিয়া তেওঁৰ শত–সহস্ৰ অনুৰাগীৰ মাজত পেলাইছে শোকৰ ছাঁ। লতাজীৰ মৃত্যুত ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰঘাটৰ সমীপত থকা আন এগৰাকী প্ৰয়াত বৰেণ্য সংগীত শিল্পী ৰাহুল দেৱ বৰ্মনৰ প্ৰতিমূৰ্তিৰ সমীপত প্ৰয়াত লতা মংগেশকাৰক সুঁৱৰি আজি আয়োজিত হয় এক বিশেষ অনুষ্ঠান। ধুবুৰীৰ ‘আৰ. ডি. বৰ্মন ফেন ক্লাৱ’ৰ উদ্যোগত আয়োজিত হোৱা উক্ত অনুষ্ঠানত শিল্পীগৰাকীৰ চিত্ৰাংকন আৰু গীটাৰেৰে তেওঁৰ কালজয়ী গীত একাংশৰ সুৰ বজাই শ্ৰদ্ধাৰে তেওঁক স্মৰণ কৰা হয়। উক্ত অনুষ্ঠানত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাও উপস্থিত থাকি শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী