নিয়মীয়া বাৰ্তা, ৬ ফেব্রুৱাৰীঃ দৰদী কণ্ঠৰে দেশ–বিদেশৰ অজস্র সংগীত অনুৰাগীৰ হূদয়ত আলোড়ন তোলা ভাৰতৰ কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ ক্রিকেটৰ প্রতিও বিশেষ আকর্ষণ আছিল৷ ’৯০ৰ দশকত নিয়মীয়াকৈ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত টেষ্ট মেচ উপভোগ কৰা কোকিলকণ্ঠী গায়িকাগৰাকীয়ে এটা সময়ত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডক আর্থিকভাৱেও সহায় কৰিছিল৷ কপিল দেৱৰ নেতৃত্বত ভাৰতে ১৯৮৩ৰ বিশ্বকাপ জয় কৰি দেশলৈ উভতি অহাৰ পাছত সমগ্র দেশ আনন্দত আত্মহাৰা হৈ থকাৰ সময়ত ভাৰতীয় খেলুৱৈসকলক পুৰস্কৃত কৰিবলৈ অর্থৰ অভাৱত ভোগা বিচিচিআইৰ হৈ সংগীত অনুষ্ঠান আয়োজন কৰি লতাজীয়ে বৃহৎ পৰিমাণৰ অর্থ সংগ্রহ কৰিছিল৷
বিচিচিআইৰ তেতিয়াৰ সভাপতি তথা কেন্দ্রীয় মন্ত্রী এন কে পি ছালভে আৰু বৰ্ডৰ সম্পাদক ৰাজসিং ডুংগৰপুৰৰ অনুৰোধ ৰক্ষা কৰি প্রখ্যাত গায়িকাগৰাকীয়ে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিনা পাৰিশ্রমিকেৰ বৃহৎ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি ভাৰতীয় ক্রিকেটাৰৰ বাবে অর্থ সংগ্রহ কৰিছিল৷ পণ্ডিত হূদয়নাথ মংগেশকাৰে ভাৰতীয় ক্রিকেট দলৰ বাবে বিশেষভাৱে ৰচনা কৰা ‘ভাৰত বিশ্ব বিজেতা’ গীতটো পৰিৱেশন কৰি লতা মংগেশকাৰে ক্রিকেট অনুৰাগীক আপ্লুত কৰিবলৈ সক্ষম হৈছিল৷ এই অনুষ্ঠানৰ পৰা বিচিচিআয়ে প্রায় ২০ লাখ টকা লাভ কৰিছিল আৰু এই ধনেৰে ১৯৮৩ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ প্রতিগৰাকী সদস্যক এক লাখকৈ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হৈছিল৷
কণ্ঠশিল্পীগৰাকীৰ এই মহানুভৱতাৰ বাবেই কপিল দেৱ বাহিনীয়ে বিশ্বজয়ৰ পাছত প্রাপ্য স্বীকৃতি আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ বিচিচিআইক এই ধৰণে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ভাৰতীয় ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে প্রখ্যাত কণ্ঠশিল্পীগৰাকীৰ বাবে ভাৰতৰ প্রতিখন ষ্টেডিয়ামত বিনামূলীয়াকৈ আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ উপভোগৰ বাবে দুটা ভিআইপি টিকট সংৰক্ষণ কৰি ৰাখিছিল৷
মন কৰিবলগীয়া যে ১৯৮৩ৰ বিশ্বকাপ চলি থকা সময়ত মংগেশকাৰ এক সংগীত অনুষ্ঠানৰ বাবে লণ্ডনত আছিল৷ কিন্তু কপিল দেৱ নেতৃত্বাধীন ভাৰতে বিশ্বকাপৰ ছেমিফাইনেলত ইংলেণ্ডক হৰুৱাই ফাইনেলত প্রৱেশৰ পাছতে জনপ্রিয় শিল্পীগৰাকীয়ে ঐতিহাসিক লর্ডছত ফাইনেল উপভোগৰ সিদ্ধান্ত লৈছিল৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ফাইনেলত ভাৰতে চমকপ্রদ জয়েৰে ইতিহাস ৰচাৰ পাছত অধিনায়ক কপিল দেৱে মংগেশকাৰক ভাৰতীয় দলৰ সৈতে একেলগে নিশাৰ আহাৰ গ্রহণ কৰিবলৈ আমন্ত্রণ জনাইছিল৷ কপিল দেৱৰ আমন্ত্রণ ৰক্ষা কৰি তেওঁ লণ্ডনৰ হোটেলত উপস্থিত হৈছিল আৰু ভাৰতীয় খেলুৱৈসকলক বিশ্বজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছিল৷ ইয়াৰ পাছত দেশলৈ উভতি আহি তেওঁ ভাৰতীয় খেলুৱৈসকলৰ বাবে অর্থ সংগ্রহৰ কামত জড়িত হৈছিল৷
ক্রিকেটৰ সৈতে মংগেশকাৰৰ সম্পর্কৰ ইয়াতেই অন্ত নপৰে৷ ২০১১ত ভাৰতত অনুষ্ঠিত আইচিচি এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ সময়ত টীম ইণ্ডিয়াৰ সাফল্য কামনাৰে ভাৰতৰত্ন মংগেশকাৰে দিনটো উপবাসে থাকি প্রার্থনা কৰিছিল৷ ভাৰতে ঐতিহাসিক জয় সাব্যস্ত কৰাৰ পাছতহে তেওঁ নিশাৰ আহাৰ গ্রহণ কৰিছিল বুলি কোকিলকণ্ঠী গায়িকাগৰাকীয়ে এক সাক্ষাৎকাৰত সদৰী কৰিছিল৷
ক্রিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ সৈতেও মংগেশকাৰৰ বিশেষ আত্মীয়তা আছিল৷ শচীনে তেওঁক ‘আই’ বুলি সম্বোধন কৰিছিল বুলি ভাৰত গৌৰৱ গায়িকাগৰাকীয়ে নিজেই জানিবলৈ দিছিল৷ মংগেশকাৰে কৈছিল যে শচীনে আই বুলি সম্বোধন কৰাৰ মুহূর্তটো তেওঁ কেতিয়াও পাহৰিব নোৱাৰে৷