নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱা–গধুলি হৰিনামৰ ধ্বনিত মুখৰিত বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র

নিয়মীয়া বার্তা, ২১ জানুৱাৰীঃ উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ ধর্মীয়, সাংস্কৃতিক আৰু সাহিত্যানুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰা শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বার্ষিক অধিৱেশনখন বোকাখাত জিলা শাখাৰ আতিথ্যত বোকাখাত মহকুমাৰ অন্তর্গত দিহিঙীয়া মহুৰা পথাৰৰ ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র’ত ৫ ফেব্রুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৷ অধিৱেশনৰ দিন যিমানেই ওচৰ চাপিছে, সিমানেই অধিক ব্যস্ততাৰে চলিছে প্রস্তুতিৰ কাম ৷ দেওবাৰে হৰিনামৰ ধ্বনিৰে অধিৱেশনস্থলীত প্রতিষ্ঠা কৰা অস্থায়ী নামঘৰত গুৰু আসন প্রতিষ্ঠা কৰাৰ লগে লগে বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র’৷ সোমবাৰে পদাধিকাৰ কমলাকান্ত গগৈ, শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰা, মুখ্য উপদেষ্টা ভবেন্দ্রনাথ ডেকা, যুটীয়া সম্পাদক কুশল ঠাকুৰীয়াই বোকাখাত মহকুমাৰ অন্তর্গত দিহিঙীয়া মহুৰা পথাৰৰ ১৭১৮ বিঘা মাটিকালি আগুৰি ২১৫টা শিবিৰ, ৩শ চৌকা জ্বলাব পৰাকৈ ৰান্ধনিশাল, একেলগে ১০ হাজাৰ ভকত–বৈষ্ণৱে আহাৰ গ্রহণ কৰিব পৰাকৈ ভোজনালয়, বৃহৎ মূল মণ্ডপ, নামঘৰকে ধৰি বিভিন্ন বিপণী গৃহ, বিশেষ শিবিৰ, সংৰক্ষিত শিবিৰ নিৰন্তৰে নির্মাণৰ কাম চলি থকা অধিৱেশনস্থলী ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র’ পৰিদর্শন কৰি অগ্রগতিৰ বুজ লয় ৷

ইয়াৰ পাছতে আদৰণী সমিতিৰ মুখ্য কার্যালয়ত অধিৱেশনস্থলী পৰিদর্শন কৰিবলৈ অহা মূল সমিতিৰ প্রতিনিধি দলটোৱে আদৰণী সমিতিৰ সৈতে এক আলোচনাত মিলিত হয় ৷ আলোচনাত সকলো দিশ বিতংভাৱে পর্যালোচনা কৰি আগন্তুক দিনত বহু প্রত্যাশিত সংঘৰ বার্ষিক অধিৱেশনখন সফলতাৰ কাৰণে কার্যপন্থা গ্রহণ কৰে ৷ আদৰণী সমিতিৰ সম্পাদক চন্দ্রকান্ত ভূঞাই জানিবলৈ দিয়া মতে, অধিৱেশনৰ মূল বাজেট ২ কোটি ৮০ লাখ টকাৰ মাত্র ১ কোটি ৩২ লাখ টকাহে সংগ্রাম হৈছে৷ ফলত তীব্র আর্থিক সংকটে দেখা দিছে ৷
অধিৱেশনলৈ মাজত মাথোঁ কেইটামান দিন থকাৰ পাছতো বাজেটৰ অধিকাংশ ধন এতিয়াও সমগ্র কৰিবলৈ থকা বিষয়টোৱে চিন্তিত কৰাৰ সমান্তৰালকৈ প্রতিকূল বতৰেও প্রস্তুতিৰ ক্ষেত্রত বিৰূপ প্রভাৱ পেলাইছে৷ অধিৱেশনস্থলীৰ পথাৰখন কিছু সেমেকি থকাৰ কাৰণে গধুৰ মালবাহী বাহনসমূহে নির্মাণ কামৰ সামগ্রী তলীলৈ নিব পৰা নাই ৷ সামগ্রীসমূহ ভক্তসকলে কান্ধত তুলি আনিব লগা হোৱাত নির্মাণৰ কাম অধিক দ্রুত গতিত চলাব পৰা নাই ৷ জে চি বি সোমাব নোৱাৰাত পানী ওলাই যাব পৰাকৈ ড্রেইনো খান্দিব পৰা নাই ৷ অৱশ্যে আদৰণী সমিতিৰ সম্পাদক ভূঞাই প্রভু ভগৱন্তৰ কৃপাত ৩১ জানুৱাৰীৰ ভিতৰত অর্থ সংগ্রকে ধৰি সকলো ধৰণৰ প্রস্তুতিৰ কাম সমাপন হ’ব বুলি সদৰী কৰে ৷

উল্লেখ্য যে শ্রীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা সমিতিখন ৭খন আঞ্চলিক, ৬৫ প্রাথমিক আৰু ১২শ গৃহস্থি সামৰি গঠিত সৰু জিলা ৷ আন জিলাতকৈ ভকত–বৈষ্ণৱ, সেৱক–সেৱিকাৰ সংখ্যা কম ৷ এতিয়া প্রস্তুতি কামত প্রয়োজন হৈছে বৃহৎ পৰিমাণৰ স্বেচ্ছাসেৱক–সেৱীৰ ৷ গতিকে এইক্ষেত্রত সংঘৰ বোকাখাত জিলাৰ কাষৰীয়া জিলা সমিতিৰ আই, বাপ, সেৱক–সেৱিকাসকলক শ্রমদান কৰিবলৈ বিনম্রতাৰে অনুৰোধ কৰিছে সম্পাদক ভূঞাই৷ ইপিনে সকলো ধর্মপ্রাণ ৰাইজক ভক্তি ভাবেৰে অর্থ, শ্রমদান আৰু গঠনমূলক পৰামর্শ দি দেশী–বিদেশী পর্যটক, ৩০ লক্ষাধিক ভকত–বৈষ্ণৱৰ উপস্থিতিত বৈকুণ্ঠ ধামলৈ পৰিণত হ’ব লগা ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র’ত অনুষ্ঠিত সংঘৰ ৮৯সংখ্যক বার্ষিক অধিৱেশনখন সর্বাংগসুন্দৰ অধিৱেশন হিচাপে সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে বোকাখাত জিলা সমিতি আৰু আদৰণী সমিতিয়ে ৷

You might also like