মৰিয়নিত বিধায়ক ৰূপজ্যোতিৰ চমক
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ মৰিয়নি পৌৰসভা নিজৰ দখললৈ নিবলৈ তৎপৰ হৈ পৰিছে । কংগ্ৰেছৰ বিধায়ক হৈ থকাৰ সময়ত নিজৰ দখললৈ নিবলৈ এবাৰো সক্ষম হোৱা নাছিল বিধায়ক কুৰ্মী । এইবাৰ বিজেপিত থাকি বিজেপিৰ দখললৈ নিবলৈ আপ্ৰাণ চেষ্টা চলাইছে বিধায়ক কুৰ্মীয়ে । ইতিমধ্যে ৰাজনৈতিক চমক আৰম্ভ কৰিছে ।
মৰিয়নি নগৰৰ বহুকেইটা পথৰ নিৰ্মাণৰ কামৰ আধাৰশিলা ইতিমধ্যেই কৰিছে লোকসভাৰ সাংসদ তপন কুমাৰ গগৈয়ে । তাৰ পিছতো নিজৰ তৎপৰতা অব্যাহত ৰাখি এইবাৰ বিধায়ক কুৰ্মীয়ে একেদিনাই ৩৯ টা কামৰ শুভাৰম্ভ কৰে । পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ আগতেই এই কামসমূহৰ শুভাৰম্ভ সমাপন কৰে । মৰিয়নি নগৰৰ পূৰ্বৰ পাঁচোটা ৱাৰ্ডৰ আটাইকেইটাতে বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা হৈছে । মৰিয়নি পৌৰসভাৰ অধীনত নিৰ্মাণ হ’বলগীয় এই কামসমূহৰ ভিতৰত কেবাটাও উল্লেখযোগ্য কামো আছে ।
বিশেষকৈ অসম চৰকাৰে শেহতীয়াকৈ মৰিয়নি পৌৰসভালৈ আগবঢ়োৱা প্ৰায় ৭০ লাখ টকাৰ জাৱৰ নিষ্কাশন ব্যৱস্থাই মৰিয়নি নগৰৰ এক বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা কৰা হৈছে । নগৰৰ এক নং ৱাৰ্ডৰ কেনেডী পাৰ্ক অঞ্চলত দীৰ্ঘদিন ধৰি থকা ডাম্পিং গ্ৰাউণ্ডে অঞ্চলটোৰ পৰিবেশ দুষিত কৰাৰ লগতে কাষেৰে বৈ যোৱা ভোগদৈ নৈৰ পানীকো প্ৰদূষিত কৰি আহিছে । এতিয়া স্থাপন কৰিবলৈ লোৱা জাৱৰ নিষ্কাশন ব্যৱস্থাই অঞ্চলটোৰ ৰাইজক সকাহ দিব । আনহাতে, প্ৰায় এক কোটি টকাৰে মৰিয়নি নগৰৰ ৰে’লৱেৰ যোৰাপুখুৰীৰ মাজত থকা স্থানত এখন আটকধুনীয়া পাৰ্ক আৰু ৱাকিং জ’ন নিৰ্মাণ কৰিবলৈ পদক্ষেপ লোৱা হৈছে । অৱশ্যে ৰে’লৱে বিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ’ব ।
ইফালে, নগৰৰ আটাইকেইটা ৱাৰ্ডতে কেবাটাও পথ, পানী নিষ্কাশনৰ বাবে নলা নিৰ্মাণ কৰা হ’ব । মুঠতে নগৰখনত মুঠ তিনি কোটি ৭০ লাখ টকাৰ উন্নয়নমূলক কামৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে বিধায়ক কুৰ্মীয়ে । বিধায়ক কুৰ্মীৰ লগতে এই কাৰ্য্যত সহযোগ কৰে মৰিয়নি মণ্ডল বিজেপিৰ সভাপতি কৃষ্ণ ভূমিজ, সমাজকৰ্মী ধৰ্মেন্দ্ৰ চেতিয়া, বিজেপিৰ নেতা-ব্যৱসায়ী প্ৰদীপ দাস, দ্বীপেন চেতিয়া, পিযুছ শৰ্মা, প্ৰাঞ্জল ফুকন, শিবু দে, উত্তম ধৰ, মনোজিত মিত্ৰ, বিজেপি নেত্ৰী স্বপ্নালী গোস্বামী, জীয়াউৰ ৰহমান আদিয়ে সহযোগ কৰে ।
আনহাতে, নগৰৰ চাৰি নং ৱাৰ্ডত অনুষ্ঠিত নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ অনুষ্ঠানত তেতিয়াৰ মৰিয়নি নগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী জুলিমনি ডেকা, প্ৰাক্তন উপ-পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, সমাজকৰ্মী দ্বীপেন ফুকন, নিৰু গোহাঁই গগৈ আদিয়ে অংশগ্ৰহণ কৰে ।বিধায়ক কুৰ্মীয়ে মৰিয়নি নগৰৰ বাবে বিজেপি চৰকাৰৰ এইয়া এক সুদূৰপ্ৰসাৰী পদক্ষেপ বুলি অভিহিত কৰি কয় একেলগে ইমান বৃহৎ সংখ্যক কামৰ শুভাৰম্ভ তেওঁৰ ৰাজনৈতিক জীৱনত ইয়াৰ পূৰ্বে কেতিয়াও কৰা নাই বুলি মন্তব্য কৰে ।
মৰিয়নি নগৰবাসীয়ে ইয়াৰ সুফল লাভ কৰিব বুলি উল্লেখ কৰি পৰৱৰ্তী সময়তো এই যাত্ৰা অব্যাহত থাকিব বুলি মন্তব্য কৰে । আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবেই এইদৰে কামেৰে চমক দিয়া কাৰ্য্যই মৰিয়নি নগৰবাসীক ভাবিবলৈ বাধ্য কৰাইছে যদিও নগৰখনৰ সামগ্ৰিক উন্নয়নৰ বাবে এনে উন্নয়নমুলক কাৰ্য্যৰ প্ৰাসংগিতা আছে বুলি সচেতন ৰাইজে মতপোষন কৰিছে ।
প্ৰেৰক দিব্যজোতি শইকীয়া