নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়াধিকৰণত কোটি কোটি টকাঃ চিনাক্ত ১.৪৩ লাখ বিদেশীৰ বহিষ্কাৰ মাত্র ৩২৯

বিশেষ বার্তা, নতুন দিল্লী, ১০ ফেব্রুৱাৰী ঃ বিদেশী ন্যায়াধিকৰণ (ফৰেইনার্ছ ট্রিবিউনেল)ৰ নামত অসমত কোটি কোটি টকা ব্যয় কৰাৰ বিপৰীতে চিনাক্ত হোৱাৰ পাছতো বহিষ্কাৰ কৰা নহয় অবৈধ নাগৰিকক৷ সংসদৰ মজিয়াত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰাহয়ে প্রদান কৰা এক বিবৃতিৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে৷ সদনৰ প্রশ্ণোত্তৰ কালত কেৰালাৰ চি পি আহ সাংসদ বিনয় বিশ্বমে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত মন্ত্রী ৰাহয়ে প্রকাশ কৰা মতে, যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে বিদেশী ন্যায়াধিকৰণে অসমত মুঠ ১,৪৩,৪৬৬জন লোকক বিদেশী বুলি চিহ্ণিত কৰি ৰায়দান কৰিছে৷ পিছে গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰাহয়ে খোদ সদনৰ মজিয়াত প্রকাশ কৰে যে হয়াৰ ভিতৰত মাত্র ৩২৯জন বিদেশীকহে অসমৰ পৰা বহিষ্কাৰ কৰা সম্ভৱ হৈছে৷ ৰাহৰ বিবৃতিত আৰু কোৱা হৈছে যে অসম চৰকাৰে কেন্দ্রক জনোৱা মতে, ৰাজ্যত এহ মুহূর্তত ১০০খন বিদেশী ন্যায়াধিকৰণ কার্যক্ষম হৈ আছে৷ যোৱা তিনি বছৰত অর্থাৎ ২০১৯–২০ বিত্তীয় বর্ষৰ পৰা ২০২১–২২ বিত্তীয় বর্ষলৈকে কেন্দ্রীয় গৃহ মন্ত্রালয়ে অসমৰ বিদেশী ন্যায়াধিকৰণসমূহ কার্যক্ষম কৰি ৰখাৰ বাবে ৬৯ কোটি টকাৰ অনুদান আগবঢ়াহছে৷ কোটি কোটি টকা খৰচ কৰি বিদেশী চিনাক্ত কৰাৰ পাছতো চিহ্ণিত বিদেশীসকলক বহিষ্কাৰ কিয় কৰা নহ’ল, তাৰ কোনো সদুত্তৰ কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী ৰাহৰ বিবৃতিত প্রতিফলিত নহ’ল৷ আনহাতে, তেওঁ বিস্তাৰিতভাৱে প্রদান কৰা তথ্য অনুসৰি যোৱা বছৰ ৩১ ডিচেম্বৰলৈকে অসমৰ ন্যায়াধিকৰণসমূহত্ মুঠ ১,২৩,৮২৯টা বিদেশী সংক্রান্ত গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে৷ উক্ত সময়ছোৱালৈকে চিহ্ণিত হোৱা ১,৪৩,৪৬৬জন বিদেশীৰ বিপৰীতে ১,২১,৫৯৮জন লোকক ন্যায়াধিকৰণে ভাৰতীয় বুলি ৰায়দান কৰিছে৷ লক্ষণীয়ভাৱে সাংসদ বিনয় বিশ্বমৰ প্রশ্ণৰ উত্তৰত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী ৰাহয়ে অসমৰ বাহিৰে আন কোনো ৰাজ্যত বিদেশী ন্যায়াধিকৰণ আছে নে নাহ বা কিমানসংখ্যক বিদেশী ন্যায়ধিকৰণ আছে, তাৰ কোনো উত্তৰ দিব পৰা নাহ৷ তেওঁ কেৱল জনায় যে চিহ্ণিত বিদেশীসকলক ডিটেনচন কেম্পলৈ প্রেৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক সম্পূর্ণ ক্ষমতা প্রদান কৰা হৈছে৷ হয়াৰ বাবে ৰাজ্যসমূহক ২০১৯ চনত নির্ধাৰণ কৰি দিয়া ডিটেনচন চেণ্টাৰ বা হ’ল্ডিং চেণ্টাৰ বা কেম্পৰ মডেল মেনুৱেল পালন কৰি চলিব লাগে৷ পিছে এহ মডেল মেনুৱেলৰ জৰিয়তে অসম তথা দেশৰ কিমানসংখ্যক বিদেশীক ডিটেনচন কেম্প বা চেণ্টাৰত ৰখা হৈছে, তাৰ কোনো তথ্য কেন্দ্রীয় চৰকাৰৰ ওচৰত নাহ বুলি গৃহ ৰাজ্যমন্ত্রীজনে সদনক অৱগত কৰে৷

You might also like