হিজাব বিতৰ্কঃ এয়াই পুৰুষত্ব প্রদর্শন নেকি?
কৰ্ণাটকৰ হিজাব বিতৰ্ক শাম কটাৰ নাম লোৱা নাই। বলীউডৰ বহু তাৰকাই এই সন্দৰ্ভত মাত মাতিছে। এই ঘটনাত এইবাৰ বিৰক্তি জাহিৰ কৰিলে দিগ্বজ সংগীতকাৰ জাভেদ আখতাৰে। তেওঁ প্রতিক্রিয়া ব্যক্ত কৰি জনালে যে হিজাব পৰিধানৰ পক্ষত তেওঁ কেতিয়াও নাই, কিন্তু এই ঘটনাক খুবেই লজ্জাজনক বুলি অভিহিত কৰিছে তেওঁ।
I have never been in favour of Hijab or Burqa. I still stand by that but at the same time I have nothing but deep contempt for these mobs of hooligans who are trying to intimidate a small group of girls and that too unsuccessfully. Is this their idea of “MANLINESS” . What a pity
— Javed Akhtar (@Javedakhtarjadu) February 10, 2022
জাভেদ আখতাৰে টুইটাৰত লিখিছে, মই কেতিয়াও হিজাব বা বোৰ্খাৰ পক্ষত নাছিলোঁ। এতিয়াও এই স্থিতিতে আছোঁ। কিন্তু ছোৱালীবোৰক ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত আহি এনেদৰে ধমকি দিয়া কাৰ্যৰ নিন্দা কৰিছে তেওঁ।এয়াই পুৰুষত্ব প্রদর্শন নেকি?অতি লজ্জাৰ কথা।