নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাইগাঁৱত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আত্মা) ৰ কিষাণ মেলা আৰু প্ৰদৰ্শনী

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ কোকৰাঝাৰ জিলা কৃষি বিভাগৰ উদ্যোগত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গোসাঁইগাঁৱত আৰম্ভ হৈছে কৃষক মেলা আৰু প্ৰদৰ্শনী ৷

দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ বাছনিকৃত কৃষক আৰু কৃষি বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷

উদ্বোধনী কাৰ্যসূচীত কৃষি বিভাগৰ উপ-সঞ্চালক মনোৰঞ্জন দাসে কৃষি প্ৰধান জিলাখনত কৃষিৰ সম্ভাবনীয়তা, জৈৱ পদ্ধতিৰে উন্নত মানৰ কৃষিজাত সামগ্ৰী উৎপাদন কৰি ভোক্তাৰ চাহিদা পুৰণৰ উপৰি অৰ্থনৈতিক ভেটি মজবুত কৰিবলৈ আহ্বান জনায় ৷

ইপিনে এই অনুষ্ঠানতে কৃষিৰ ওপৰত নিৰ্ভৰশীল জিলাখনৰ কৃষকে চৰকাৰী সুবিধা, উন্নত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ, মাটিৰ গুণাগুণ পৰীক্ষা কৰি অধিক উৎপাদন কৰি ৰাজ্য তথা ভাৰতৰ অৰ্থনৈতিক অৱস্থা অধিক উন্নত কৰিবলৈ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে কৃষক সকলক আহ্বান জনায় ৷

You might also like