মগু দাইল খোৱা ভাল নে বেয়া, চাওঁ আহক
মগু দাইল খাই বহুতেই ভাল পায়। মগু দাইল যিমানে সুস্বাদু সিমানে উপকাৰী। বিয়া ঘৰৰ ভোজত মাছৰ মুৰেৰে ৰন্ধা হওঁক বা গৰমৰ দিনত পনীয়াকৈ ৰন্ধা দাইলখন, কোনো এখনৰে সোৱাদ কম নহয়। অৱশ্যে বদহজমৰ ভয়ত বহুতেই এৰি চলে মগু দাইল।
মগু দাইলত থাকে মেদ, প্রটিন, কার্বহাইড্রেট, ফাইবাৰ, মেগনেছিয়াম, পটেছিয়াম তথা বেচ কিছু পৰিমানে থাকে কেলৰীও। শৰীৰত স্বাভাৱিকভাৱে সকলো সময়তে এমিনো এচিড উৎপন্ন নহয়। মগু দাইলে সেই ঘাটি পূৰ্ণ কৰে। এইবিধ দাইলত আছে প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট,যাৰ বাবে হৃদৰোগ, কেন্সাৰ, পেটৰ সমস্যাৰ দৰে অনেক সমস্যা আঁতৰাই ৰাখিব পাৰে।
গৰম-শীত দুয়োটা সময়তে মগু দাইল খাব লাগে। শৰীৰৰ তাপমাত্রা নিয়ন্ত্রণত মগু দাইল খুবেই সহায়ক। কোলেষ্টৰেলৰ মাত্রা স্বাভাৱিক ৰখাত ই বৰ উপকাৰী। চিকিৎসকৰ মতে, প্ৰতিদিনৰ খাদ্য তালিকাত মগু দাইল ৰখা ভাল। মগু দাইলত প্রচুৰ পৰিমাণে থকা পটেছিয়াম, মেগনেছিয়াম, ফাইবাৰে ৰক্তচাপ কমোৱাত সহায়ক। উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে মগু দাইল খোৱা উচিত।
হজমৰ সমস্যাও দূৰ কৰে এইবিধ দাইলে। তেজৰ শর্কৰাৰ মাত্রা ঠিক ৰাখিবলৈও মগু দাইল বৰ উপকাৰী।