নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ দূৰ্গম কালাইৰ চৰত বিএছএফৰ বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ভাৰত–বাংলাদেশ সীমান্তত ২৪ ঘন্টাই অতন্দ্ৰ প্ৰহৰী ৰূপে কৰ্তব্য পালন কৰাৰ সমান্তৰালকৈ সীমান্তৰ গঞাঁ ৰাইজৰ উন্নয়নৰ বাবেও সমানে কাম কৰি আহিছে সীমান্ত সুৰক্ষা বাহিনীয় (বিএছএফে)। নাগৰিক কাৰ্যক্ৰমৰ অধীনত বিএছএফে ধুবুৰীৰ ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী বহু অঞ্চলৰ ৰাইজৰ বাবে প্ৰায়শঃ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হাতত লোৱাৰ উপৰিও অনুষ্ঠিস কৰি আহিছে বিনামূলীয়া স্বাস্থ্য শিৱিৰো। তাৰেই অংগ হিচাপে আজি ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ দূৰ্গম কালাইৰ চৰত আজি অনুষ্ঠিত হয় এক বিশেষ কাৰ্যক্ৰম।

৪১ নং বিএন বিএছএফৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি সেই নাৰিক কাৰ্যক্ৰমৰ কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিএছএফৰ ধুবুৰী জিলাৰ পাণবাৰীস্থ চেক্টৰ হেডকোৱাৰ্টাৰৰ ডিআইজি জে. চি. নায়কে। কালাইৰচৰৰ স্থানীয় মান্যগণ্য ব্যক্তি আৰু ৰাইজৰ উপস্থিতিত আজিৰ সেই অনুষ্ঠানযোগে বিভিন্ন কৃষিকৰ্মত ব্যৱহৃত হোৱা সঁজুলি, মহিলাসকলৰ স্বনিয়োজনৰ বাবে চিলাই মেছিন,ছাত্ৰ–ছাত্ৰীসকলৰ বাবে কেৰম–ভলিবল আদিকে ঘৰি ৭ লাখ ২০ হেজাৰ টকাৰ সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ কৰে বিএছএফে। আজিৰ এই কাৰ্যক্ৰমৰ সৈতে সংগতি ৰাখি আয়োজিত এক স্বাস্থ্য শিৱিৰৰ জৰিয়তে অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়াকৈ দৰৱ–পাতিও যোগাৰ ধৰে বিএছএফৰ চিকিৎসকৰ এটা দলে।

প্ৰতিবেদকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like