চাৰিদুৱাৰৰ অৰুণাচলী সুৰাভৰ্তি বলেৰ’ পিক আপ গাড়ী জব্দ
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ চাৰিদুৱাৰত আজি পুৱা অৰুণাচলী সুৰাসহ জব্দ কৰা হয় এখন বলেৰ’ পিক আপ গাড়ী । জানিব পৰা মতে, পুৱা প্ৰায় ৪:৩০ বজাত অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙৰপৰা বালিপৰাৰ দিশে এ এছ ০৩ চি চি ১০৬২ নম্বৰৰ এখন বলেৰ’ পিক আপ গাড়ীয়ে তীব্ৰবেগত আহি থকা অৱস্থাত চাৰিদুৱাৰ আৰক্ষীৰ তহলদাৰী এটা দলে ঢেকেৰীগাঁৱৰ সমীপত গাড়ীখন ৰখাবলৈ কয় যদিও গাড়ীখনে আৰক্ষীৰ নিৰ্দেশ নামানি ঢেকেৰীগাঁও দলঙৰ সমীপৰ পথেদি তীব্ৰবেগেৰে পলায়ন কৰে । পিছে পিছে খেদি যায় আৰক্ষীৰ গাড়ীখনেও। পিছত আৰক্ষীৰ গাড়ী দেখি তীব্ৰবেগত থকা বলেৰ’ পিক আপ গাড়ীখন চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে ৰাখি গাড়ীখনৰ চালক আৰু পৰিচালকে আন্ধাৰৰ সুযোগ লৈ গাড়ীখনৰ ট্ৰেয়েৰিং লক কৰি পলায়ন কৰে। পিছত আৰক্ষীৰ দলটোৱে গাড়ীখনৰ তালাচী লোৱাত গাড়ীখনত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে । আৰক্ষীয়ে লগতে সুৰাৰ কাৰ্টুনৰ ওপৰত দি অনা কেইবা কাৰ্টুন পানীৰ বটলো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গাড়ীখন লক থকাৰ বাবে চাৰিদুৱাৰ আৰক্ষীয়ে জব্দকৃত সুৰাসহ গাড়ীখন ৰিক’ভাৰী ভানৰ সহায়ত আৰক্ষী থানালৈ লৈ যায় ।