নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দদৰা আৰক্ষীৰ অভিযানত ২৪ টা চোৰাং গৰু জব্দ; আটক ৩

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই পশুধনৰ বাবে গো সুৰক্ষা আইন ৰূপায়ণ কৰিছে ৷ তাৰ বিপৰীতে দুস্কৃতিকাৰীয়ে ভিন্ন কৌশল অৱলম্বন কৰি চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে ৷ এক গোপন সূত্ৰৰ পম খেদি ১৭ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় দুই বজাত দদৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰ জ্যোতি নাথৰ নেতৃত্বত এটা আৰক্ষী দলে ২৪ টা চোৰাং গৰু সহ তিনিজন গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ নিয়া গৰুভৰ্তী ট্ৰাকখন দদৰা আৰক্ষী থানা পাৰ হবলৈ লওতেই নাকা পহৰা তালাচীত জব্দ হয় ৷ লগতে তিনি গৰু চোৰাং সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ কৰায়ত্ত হোৱা চোৰাং সৰবৰাহকাৰী সকল ক্ৰমে বৰপেটা জিলাৰ নগাঁৱৰ হাৰান আলীৰ পুত্ৰ ইনামুল হক ,নলবাৰী জিলাৰ মুকালমুৱা আদাবাৰীৰ চহৰাব আলীৰ পুত্ৰ চৰিফ আলী আৰু আতোৱাৰ আলীৰ পুত্ৰ ৰাজীৱ আলী ৷ দদৰাৰ আৰক্ষীয়ে এই কাৰ্যৰ লগত আৰু কোন কোন জড়িত আছে তাৰ অনুসন্ধানত নামি পৰিছে।

প্ৰতিবেদকঃ দিলীপ মেধি, শুৱালকুছি

You might also like