নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ মা…, মোক ক্ষমা কৰি দিবা৷ তোমালোকৰ মুখলৈ চাই মই মৰিব নালাগিছিল৷ কিন্তু মই যদি নমৰোঁ, তোমালোকে পল্লৱৰ চৰিত্রটো গম নাপালাহেঁতেন…৷ –এয়া হৈছে এগৰাকী দশম শ্রেণীৰ ছাত্রীৰ ১১ পৃষ্ঠাৰ ছুইচাইড নোটৰ কিয়দংশ৷
পৃষ্ঠাই পৃষ্ঠাই এটা লম্পটৰ প্রৱঞ্চনাৰ বলি হোৱা ছাত্রীগৰাকীৰ অন্তৰ কঁপাই তোলা দুখৰ কাহিনী৷ এহ কাহিনী দেৰগাঁৱৰ এগৰাকী দশম শ্রেণীত অধ্যয়নৰত ছাত্রীৰ৷ ছাত্রীগৰাকীৰ মৃত্যুক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ দেৰগাঁও একাদশ আৰক্ষী বাহিনীৰ কনিষ্টবল বীৰেন শহকীয়াৰ কন্যাই শনিবাৰে বিয়লি প্রায় ৩ বজাত নিজা গৃহত আত্মহনন কৰা শোকাৱহ ঘটনাৰ পাছতেহ পোহৰলৈ আহিছে ছাত্রীগৰাকীৰ ওপৰত দীর্ঘদিন ধৰি চলাই অহা এক যৌন নির্যাতনৰ নাৰকীয় কাহিনী৷
ভয়–ভাবুকিৰে পল্লৱ শইকীয়া নামৰ এজন আৰক্ষীৰ জোৱানে শাৰীৰিক সম্পর্ক কৰাৰ অভিযোগ মৃত ছাত্রীগৰাকীৰ পিতৃ–মাতৃৰ৷ যি সম্পর্কৰ কথা ৰাজহুৱা কৰিলে জোৱানজনে মৃত্যুৰ ভাবুকি পর্যন্ত দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে তেওঁলোকে৷ ছাত্রীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ছাত্রীগৰাকীক একাদশ আৰক্ষী বাহিনীৰে এজন বিবাহিত আৰক্ষী জোৱানে যৌন নির্যাতন আৰু মানসিক নির্যাতন চলাই আহিছিল৷ ছাত্রীগৰাকীৰ পিতৃৰ কোৱার্টাৰ আৰু অভিযুক্তৰ কোৱার্টাৰ মুখামুখি হোৱাৰ সুযোগ লৈছিল অভিযুক্ত পল্লৱ শইকীয়াই৷ এই ঘটনাৰ ভুক্তভোগি কম বয়সীয়া ছাত্রীগৰাকী ভীষণ মানসিক চাপৰ বলি হৈ অৱশেষত আত্মহননৰ পথ বাছি লয়৷
দেওবাৰে পুৱা ছাত্রীগৰাকীয়ে মৃত্যুৰ পূর্বে লিখি থৈ যোৱা ১১ পৃষ্ঠাৰ ছুইচাইড নোট পৰিয়ালৰ লোকে উদ্ধাৰ কৰি দেৰগাঁও আৰক্ষীৰ হাতত চমজাই দিছে৷ ছাত্রীগৰাকীয়ে ছুইচাইড নোটত তেওঁৰ মৃত্যুৰ বাবে পল্লৱ শইকীয়া নামৰ আৰক্ষী জোৱানজনক দায়ী কৰি গৈছে৷ তদুপৰি পল্লৱ শইকীয়া নামৰ আৰক্ষী জোৱানজনে ছাত্রীগৰাকীলৈ ম’বাইল ফোনত প্রেৰণ কৰা বহু আপত্তিজনক মেছেজো হতিমধ্যে উদ্ধাৰ হৈছে৷ সমগ্র ঘটনা উন্মোচন হোৱাৰ পাছতেই পৰিয়ালৰ লোকে দেৰগাঁও থানাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ ঘটনা সংক্রান্তত আৰক্ষীয়ে তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে৷