চাৰিদুৱাৰত আক্ৰাছুৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ ঐতিহ্যমণ্ডিত সীমান্ত মিলন সংঘত কালি সদৌ শোণিতপুৰ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা, বালিপৰা আঞ্চলিক আক্ৰাছু আৰু কোচ-ৰাজবংশী সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান । সদৌ শোণিতপুৰ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম দাসৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা আক্ৰাছুৰ কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক কপিল দেৱ সিংহই সংবাদ মাধ্যমৰ আগত কয় যে কোচ-ৰাজবংশীসকলে দীৰ্ঘদিনৰেপৰা জনজাতিকৰণৰ বাবে আন্দোলন কৰি আহিছে । পূৰ্বতে কংগ্ৰেছ চৰকাৰে প্ৰতাৰণা কৰিছিল আৰু বৰ্তমান সময়ত কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰিছে । জনজাতিকৰণ আৰু কমতাপুৰৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই । যদিহে অনতিপলমে চৰকাৰে কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু কমতাপুৰৰ সমস্যাৰ স্থায়ী সমাধান নিদিয়ে তেন্তে আক্ৰাছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ।
অনুষ্ঠানটোত কোচ-ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য জিতুমণি চৌধুৰী, বিশিষ্ট লেখিকা বকুল ৰায়, অসম সেনা শোণিতপুৰ জিলাৰ মুখ্য সংগঠক ৰাজনীশ শইকীয়া, বালিপৰা আঞ্চলিক আক্ৰাছুৰ সভাপতি দীপক দাস, জিলা আক্ৰাছুৰ উপ-সভাপতি অসীম দাসৰ লগতে আক্ৰাছুৰ ভালেমান বিষয়ববীয়া, ৰাইজ উপস্থিত থাকে । অনুষ্ঠানটোত MISS KIDS INDIA INTERNATIONAL WORLD WINNER , GUWAHATI বিজয়ী মন্দিৰা ৰায়ক আক্ৰাছুৰ তৰফৰপৰা এখন কোচ-ৰাজবংশী গামোছা আৰু মানপত্ৰৰে বিশেষ সম্বৰ্ধনা জনোৱা হয় । একেদৰে অনুষ্ঠানতেই অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ মুৰব্বীসকলো সম্বৰ্ধনা জনায় আয়োজকে । মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানটোত কোচ-ৰাজবংশীসকল গীত-নৃত্যও পৰিৱেশন কৰা হয় ।