নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেৰিষ্টত অধ্যয়নৰত নাওবৈচাৰ ফুলবাৰীৰ দুই কৃতিমানে আনিলে গৌৰৱ

জ্যোৎস্না শইকীয়াই পদাৰ্থ বিজ্ঞান- মানস প্ৰতীম দত্তই গণিত শাস্ত্ৰত লাভ কৰিলে সোনৰ পদক সহ প্ৰথম স্থান

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ নীৰজুলিস্থিত উত্তৰ-পূৱ আঞ্চলিক বিজ্ঞান আৰু কাৰিকৰী সংস্থান(নেৰিষ্ট)ৰ পৰা লখিমপুৰ জিলাৰ নাওবৈচাৰ ফুলবাৰী অঞ্চলৰ দুগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে পদাৰ্থ বিজ্ঞান আৰু গণিত শাস্ত্ৰত সোনৰ পদকসহ প্ৰথম স্থান লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফুলবাৰীৰ পহুমৰা লাহলীয়াল গাঁৱৰ দণ্ডীৰাম দত্ত আৰু দিপালী দত্তৰ পুত্ৰ মানস প্ৰতীম দত্তই ২০২০ বৰ্ষৰ স্নাতকোত্তৰ পৰীক্ষাত গণিত শাস্ত্ৰত সোনৰ পদকসহ প্ৰথম স্থান দখল কৰিছে। আনহাতে, কমলপুৰ গাঁৱৰ নিৱাসী পুলিন শইকীয়া আৰু প্ৰমীলা নাথৰ কন্যা জ্যোৎস্না শইকীয়াই ২০১৯ বৰ্ষৰ পদাৰ্থ বিজ্ঞান বিষয়ত সোনৰ পদকসহ প্ৰথম স্থান লাভ কৰিছে। দুয়োগৰাকী ছাত্র ছাত্ৰীয়ে সোনৰ পদকসহ প্ৰথম স্থান লাভ কৰি ফুলবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত ৰাইজ উৎফুল্লিত হৈ পৰিছে।

প্ৰেৰক-নিতুল বৰা 

You might also like