অশীতিপৰ প্রেমিকাক পলুৱাবলৈ গৈ আৰক্ষীৰ হাতত গ্রেপ্তাৰ বৃদ্ধ গিবছ
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ নার্ছিং হোমৰ পৰা অশীতিপৰ প্রেমিকাক উদ্ধাৰ কৰি পলাবলৈ গৈ আৰক্ষীৰ হাতত ধৰা পৰিবলগীয়া হ’ল এক বৃদ্ধ৷ ঘটনাটো অষ্ট্রেলিয়াৰ৷ পুৰণা প্রেম আৰু প্রেমৰ তাগিদাতে বান্ধৱীক লৈ নতুন সংসাৰ পতাৰ সিদ্ধান্ত লৈছিল ৰেলফ গিবছে৷ প্রেমিকা কেৰল লিছলে ডিমেনছিয়া আৰু পার্কিনছনছ ৰোগত আক্রান্ত৷ গতিকে পার্থৰ এক নার্ছিং হোমত চিকিৎসাধীন আছিল কেৰল৷ প্রেমিকাৰ খবৰ লাভ কৰিছিল গিবছে৷ সেই খবৰ পোৱাৰ পাছতে নার্ছিং হোমত হাজিৰ হয় গিবছ৷ কেৰলক নার্ছিং হোমৰ পৰা বাহিৰ কৰি নিজে গাড়ী চলাই প্রায় ৫ হাজাৰ কিলোমিটাৰ দূৰৰ কুইনছলেণ্ডৰ বাসগৃহলৈ নিয়াৰ সিদ্ধান্ত লৈছিল গিবছে৷ গাড়ীত কেৰলক বহুৱাই লৈ যাত্রাও কৰিছিল৷ কিন্তু স্বপ্ন পূৰণ নহ’ল৷ এক মৰুভূমিৰ মাজত কেৰল আৰু গিবছক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ৪৩ ডিগ্রী চেলছিয়াছ তাপমাত্রাত কেৰলৰ শৰীৰ প্রায় অচল হৈ পৰিছিল৷ মহিলাগৰাকীক হেলিকপ্টাৰেৰে পুনৰ পার্থলৈ চিকিৎসাৰ বাবে লৈ আহে আৰক্ষীয়ে৷ গ্রেপ্তাৰ কৰা হয় হিবছক৷ আদালতত গিবছক এনে কার্য কিয় কৰিলে বুলি প্রশ্ন কৰাত স্পষ্ট উত্তৰ দিলে বৃদ্ধগৰাকীয়ে– প্রেমৰ বাবেই কেৰলক নিজৰ ঘৰলৈ নিব বিচাৰিছিলোঁ৷ কিন্তু প্রেমৰ বাবে প্রেমিকাৰ জীৱনলৈ সংকট কঢ়িয়াই অনাৰ অধিকাৰ গিবছক কোনে দিলে৷ আদালতে সাত মাহৰ কাৰাদণ্ডৰ ৰায় শুনাইছে গিবছক৷ এই ঘটনাক লৈ এতিয়া বিশ্বজুৰি খলকনিৰ সৃষ্টি হৈছে৷ গিবছে অভিলেখ সৃষ্টি কৰিবলৈ গৈ বৃদ্ধ বয়সত কাৰাবাস খাটিবলগীয়া হৈছে৷