নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত মাতৃভাষা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা,২১ ফেব্ৰুৱাৰীঃ নগাঁও ছোৱালী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ‘মাতৃভাষা দিৱসটি’অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সহযোগত আজি উজান হয়বৰগাওঁ প্ৰাথমিক বিদ্যালয়ত বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই বৰ্ষৰ মাতৃভাষা দিৱসৰ মূল বিষয়বস্তু ‘বহুভাষিক শিক্ষাৰ বা প্ৰযুক্তিৰ ব্যৱহাৰ:প্ৰত্যাহ্বান আৰু সম্ভাৱনা’ শীৰ্ষক বিষয় সম্পৰ্কত অতি সৰলীকৰণ কৰি উক্ত কলেজখনৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা মৰমী গায়ন আৰু অধ্যাপিকা প্ৰাৰ্থনা হাজৰিকাই সাৱলীলভাৱে ছাত্ৰ-ছাত্ৰী সকলৰ মনোগ্ৰাহী হোৱাকৈ বক্তব্য আগবঢ়ায় ৷ লগতে উজান হয়বৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সূৰ্য ডেকাই বিষয়টোৰ তাৎপৰ্য সম্পৰ্কত অভিমত দাঙি ধৰে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ হৈ পৰিণিতা বৈশ্য,মাৰ্টিন ক্ৰ,কৃষ্ণ ইংতি,ৰিনিকি বৰ্মন,হীৰামণি মণ্ডল,এঞ্জেল ৰায়, ওমকাৰ ৰায়, ৰাজু ৰায় ,গৌৰৱ বৰা ,লক্ষ্মণ ৰায় আদিয়ে সাধু,কবিতা ,গীত ,নৃত্য পৰিৱেশনেৰে মুখৰিত কৰি তোলা অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কলেজখনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° অমিয়া পাতৰ ৷

 

You might also like