নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইন সংকটৰ মাজতে ৰাছিয়ালৈ ইমৰাণ খান

বিশেষ বাৰ্তা, ২২ফেব্ৰুৱাৰীঃ ইউক্রেইন সীমান্তৰ উত্তেজনাৰ মাজতেই ৰাছিয়া ভ্ৰমণলৈ যাবলৈ ওলাইছে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান। পাক বিদেশ মন্ত্রালয়ে জনোৱা অনুসৰি, অহা ২৩-২৪ ফেব্রুৱাৰীত মস্কোলৈ যাব ইমৰান খান। পাক কূটনৈতিক মহলৰ দাবী যে এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কক নতুন গঢ় দিব। ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ মুখপাত্র ডিমিট্ৰী পেছকভে জনাইছে মস্কো যাত্ৰাৰ বাবে তেওঁলোকে পাক প্রধানমন্ত্রীক আমন্ত্রণ জনাইছিল। পুটিনৰ সেই আমন্ত্রণ গ্রহণ কৰি উত্তেজনাৰ এনে সময়তো ৰাছিয়ালৈ বুলি সাজু হৈছে ইমৰান খান। পূর্বৰ ছোভিয়েট ইউনিয়নৰ সৈতে তিক্ত সম্পর্ক আছিল পাকিস্তানৰ। পৰৱর্তী সময়ত ছোভিয়েট সংঘৰ পতনৰ পাছত মস্কোৰ যথেষ্ট কাষ চাপে ইছলামাবাদ।

You might also like