উত্তৰাখণ্ডত পথ দুৰ্ঘটনা, নিহত ১১
বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ উত্তৰাখণ্ডৰ চম্পাৱতত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিবাহযাত্ৰী কঢ়িওৱা বাহনখন দ খাৱৈ এটাত পৰাত ১১জন লোক নিহত হোৱাৰ লগতে দুজন লোক আহত হৈছে।
PM @narendramodi has announced an ex-gratia of Rs. 2 lakh each from PMNRF for the next of kin of those who lost their lives due to an accident in Uttarakhand. The injured would be given Rs. 50,000.
— PMO India (@PMOIndia) February 22, 2022
গুৰুতৰভাৱে আহত ড্ৰাইভাৰ আৰু আনজন লোকক স্থানীয় জিলা হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।