নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনঃ লক্ষ লক্ষ ভক্তক আদৰিবলৈ সাজু বাগ্মীবৰ নীলমণি ফুকন ক্ষেত্র

২৫ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়াকৈ মূল অধিৱেশন অধিৱেশনৰ দায়িত্ব ল’বলৈ সাজু ১০ হাজাৰ সেৱা বাহিনীৰ স্বেচ্ছাসেৱক

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ প্রায় সম্পূর্ণ হৈ উঠিছে নাহৰকটীয়াত অনুষ্ঠিত হ’বলগীয়া শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক মূলৰ অধিৱেশনৰ সমগ্র প্রস্তুতি৷ মূল অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে আজি দ্বাৰ মুকলি হ’ব অধিৱেশনস্থলীৰ গ্রন্থ আৰু বাণিজ্য মেলাৰ৷ মুঠ ৬২৮খন বিভিন্ন ধৰণৰ বিপণী থাকিবলগীয়া মেলাখনৰ সামৰণি অংশৰ কাম  যুদ্ধকালীন প্রস্তুতিৰে দায়িত্বপ্রাপ্তসকলে কৰি গৈছে৷ উল্লেখ্য যে নাহৰকটীয়া নগৰৰ সমীপৱৰ্তী ৰাঙলীপথাৰ আৰু কলিয়াপানী এলেকাৰ ১৬ বিঘাতকৈ অধিক কৃষিভূমিৰ বাগ্মীবৰ নীলমণি ফুকন ক্ষেত্রত অনুষ্ঠিত হ’ব এই অধিৱেশন৷

ক’ৰোনাকালীন স্থিতাৱস্থাৰ বাবে অধিৱেশনখনৰ আয়োজনত যতি পৰিছিল যদিও পৰিস্থিতি উন্নত হোৱাত সংঘৰ ধর্মপ্রাণ ৰাইজে ৯১সংখ্যক অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ডঠিপৰি লাগে৷ আজিও অধিৱেশনস্থলীত দেখা গ’ল আয়োজক সমিতিৰ সীমাহীন ব্যস্ততা৷ আনহাতে, অধিৱেশনৰ কাম–কাজৰ বুজ ল’বলৈ মঙলবাৰে নীলমণি ফুকন ক্ষেত্রত উপস্থিত হ’ল ডিব্রুগড জিলাৰ উপায়ুক্ত৷ উপাযুক্ত বিশ্বজিৎ পেগুৱে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়ে যে অধিৱেশনৰ দিনকেইটাত স্থানীয়ভাৱে ড্রাই ডে’ ঘোষণা কৰা হ’ব৷

আনহাতে, ৰাইজৰ আবেদন পালে অধিৱেশনৰ প্রথম দিনা স্থানীয় বন্ধ ঘোষণা কৰাতো জিলা কর্তৃপক্ষৰ আপত্তি নাই বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে ২৫ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ অন্তিম দুটা দিন মাহৰ চতুর্থ শনিবাৰ আৰু দেওবাৰ হিচাপে স্বাভাৱিকভাৱে বন্ধই থাকিব৷ এনে অৱস্থাত আৰম্ভণিৰ দিনটো অর্থাৎ ২৫ ফেব্রুৱাৰীত স্থানীয় বন্ধ ঘোষণা কৰিবলৈ আদৰণী সমিতিয়ে আহ্বান জনোৱাৰ উদ্যোগ গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে৷

ইফালে, ৯১সংখ্যক অধিৱেশনখন অনুষ্ঠিত কৰাৰ ক্ষেত্রত শাসকীয় দলৰ বহুকেইজন মন্ত্রী–বিধায়কৰ বদান্যতাৰ শলাগ লৈছে আদৰণী সমিতিৰ বিষয়ববীয়াই৷ সমিতিৰ সাধাৰণ সম্পাদক হৰিপ্রসাদ গগৈয়ে জানিবলৈ দিয়া অনুসৰি মন্ত্রী পীয়ূষ হাজৰিকাই অন্তিম দিনা ভাগৱত ভ্রমণৰ শেষত ভকত–বৈষৱৰ সিদ্ধ আহাৰৰ বাবে দহ লাখ টকাৰ বৰঙণি আগবঢ়াইছে৷ একেদৰে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ তৰফৰ পৰা আন এসাঁজ, মন্ত্রী বিমল বৰাই শব্দযন্ত্রৰ বাবদ ব্যয় হ’বলগীয়া ৬ লাখ টকা, মন্ত্রী যোগেন মোহন আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গাইপতি৩ লাখ টকা, বিধায়ক ধর্মেশ্বৰ কোঁৱৰে ৩ লাখ টকা বৰঙণি আগবঢ়াইছে৷

আনহাতে, স্থানীয় বিধায়ক তথা ডদ্যাপন সমিতিৰ কার্যকৰী সভাপতি তৰংগ গগৈৰ সক্রিয় ভূমিকাতো আদৰণী সমিতিয়ে অর্থ–কডি সংগ্রহত ব্যাঘাত জন্মা নাই বুলি সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে৷ একেদৰে সংঘৰ লাখ লাখ ভকত–বৈষৱৰ আর্থিক সঁহাৰিকো হৰিপ্রসাদ গগৈয়ে নতশিৰে স্বীকাৰ কৰিছে৷ মুঠৰ ওপৰত ৯১সংখ্যক অধিৱেশনখন সুকলমে পৰিচালনা কৰাত আদৰণী সমিতিৰ সন্মুখত বর্তমানে তেনে কোনো প্রতিবন্ধকতা নাই বুলি বিষয়ববীয়াসকলে জানিবলৈ দিয়ে৷

ইফালে, শংকৰ সংঘৰ অধিৱেশন সুকলমে পৰিচালনা কৰিবলৈ সাজু হৈ ডঠিছে সংঘৰ অধীনস্থ সেৱা বাহিনী৷ মূলতঃ ডেকা–ডেকেৰীসকলৰ হাতত ন্যস্ত সেৱাবাহিনীৰ দহ হাজাৰ স্বেচ্ছাসেৱকে অধিৱেশনৰ কেউটা দিনতে চৌব্বিছ ঘণ্টাই সাজু আৰু সতর্ক হৈ থাকিব অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাত৷ সেৱাবাহিনীৰ জিলাধিনায়ক সত্যজিৎ শইকীয়াই জানিবলৈ দিয়ে যে ইতিমধ্যে আয়োজক জিলা ডিব্রুগডৰ দহখন আঞ্চলিকৰ পৰা চাৰি হাজাৰৰ অধিক স্বেচ্ছাসেৱকে আজিৰ পৰা অধিৱেশনস্থলীত সেৱাৰ নিবৃত্তিৰে আহি উপস্থিত হ’ব৷

আনহাতে, সমগ্র ৰাজ্যখনৰ পৰাই নাহৰকটীয়া অধিৱেশনস্থলীলৈ আজিৰ পৰা সেৱাবাহিনীৰ সদস্য ৰাওনা হ’ব বুলি জানিবলৈ দিয়া জিলাধিনায়কগৰাকীয়ে আৰু জনায় যে ২৩ তাৰিখে বিয়লিলৈ অধিৱেশনস্থলীত সেৱাবাহিনীৰ সদস্য–সদস্যাৰ বাবে বিশেষ প্রশিক্ষণৰ আয়োজন কৰা হৈছে৷ উল্লেখ্য যে এই বৃহৎ অধিৱেশনখনত আপদকালীন পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ইতিমধ্যে নির্মাণ কৰি ডলিওৱা হৈছে অস্থায়ী চিকিৎসালয়, আৰক্ষী চকী আৰু অগ্নিনির্বাপক বাহিনীৰ কেন্দ্র৷

You might also like