নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত অব্যাহত অবৈধ কাঠফলা মিলঃ ডিব্ৰুগড়ৰ ৰহমৰীয়াত মিলসহ মূল্যৱান কুণ্ডা-সামগ্ৰী জব্দ

বিশেষ বাৰ্তা, ২৪ফেব্ৰুৱাৰীঃ দেশৰ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা সত্ত্বেও দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো অবৈধভাৱে গছ কটা আৰু কাঠৰ মিল চলি থকা কাৰ্যই প্ৰকৃতি তথা বনপ্ৰেমীক উদ্বিগ্ন কৰি তুলিছে।উজনিৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা দুখনতো অৱৈধভাবে সংৰক্ষিত বনাঞ্চলৰ গছ কটা আৰু অবৈধ কাঠ ফলা মিলৰ প্ৰভাৱ বিস্তাৰ কৰাত ডিব্ৰুগড় লাহোৱাল থানাৰ অন্তৰ্গত ৰমৰমীয়াৰ বৰতীচুকৰ অবৈধ কাঠ মিলত ডিব্ৰুগড় বনবিভাগে অভিযান চলায়। ডিব্ৰুগড়ৰ আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ পংকজ কুমাৰ বৰাৰ নেতৃত্বত বন বিভাগৰ এটা দলে ডিব্ৰুগড়ৰ উপকন্ঠৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ ৰহমৰীয়া বৰতীচুকত অবৈধ ভাবে গঢ় লৈ উঠা কাঠ মিলত অভিযান চলাই এটা কাঠফলা মেচিন জব্দ কৰাৰ লগতে বহু মূল্যৱান কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় বন বিভাগৰ অতৰ্কিত অভিযানত কাঠফলা মেচিন জব্দ কৰিবলৈ সক্ষম হয় যদিও তাৰ লগত জড়িত ব্যক্তিসকলক আটক বা কৰায়ত্ত কৰিবলৈ সক্ষম নহল বনবিভাগ।সূত্ৰৰ মতে আগতীয়াকৈ খবৰ লাভ কৰাত অবৈধ কাঠ ফলা মিলৰ সৈতে জৰিত লোকসকল সুকলমে নিৰাপদ স্থানলৈ পলাবলৈ সক্ষম হয়।সমাগত বাৰিষাৰ সময়ত এই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহু লক্ষাধিক টকাৰ মূল্যবান গছৰ কুণ্ডা সৰবৰাহ হয় আৰু সেইবিলাক পানী বঢ়াৰ সুযোগ গ্ৰহন কৰি নিৰাপদে সুৰক্ষিত স্থানত লুকুৱাই ৰাখিবলৈ সক্ষম হয় বনদস্যু সকল।বনবিভাগে সকলো খবৰ লাভ কৰে যদিও উপযুক্ত অভিযান চলোৱাৰ বাবে পৰ্যাপ্ত সা-সুবিধা আৰু সুৰক্ষাৰ বাবে অত্যাধুনিক আগ্নেয়াস্ত্ৰ নোহোৱাৰ বাবেই সেয়া সম্ভৱ হৈ উঠা নাই।ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ মাইজান,মথলা,নগাঘূলী,কাহাই স্পাৰ,চান্দমাৰি তথা মোহনাঘাট পৰ্যন্ট অবৈধ কুণ্ডাৰ সৰবৰাহ আজি পৰ্যন্ট সমুলঞ্চে উৎখাত কৰিব পৰা নাই।সেয়ে ডিব্ৰুগড়ৰ উপকন্ঠৰ ব্ৰহ্মপুত্ৰৰ কাষৰ অঞ্চল সমূহত আগন্তক দিনত ব্যাপক অভিযান চলাবলৈ সাজু হৈছে ডিব্ৰুগড়ৰ বন বিভাগ।কিন্ত এয়া সময়হে কব,কিমান সফল হব জিলা বন বিভাগ।এতিয়া সেয়া এক লাখটকীয়া প্ৰশ্ন।
প্ৰেৰক বিভাস দুৱৰা

You might also like