নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালিখাটাৰ কলিবাৰী শ্ৰীশ্ৰীশিৱথানত চতুর্দশী সভা মহোৎসৱৰ আয়োজন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বজালী জিলাৰ জালিখাটাস্থিত ঐতিহ্যমণ্ডিত কলিবাৰী শ্ৰীশ্ৰীশিৱথানত বিগত ৮৮ বছৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰি অহা শিৱ চতুৰ্দশী সভা মহোৎসৱ এইবেলিও পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰা হৈছে৷ অহা ১৬ ফাগুনৰ পৰা ২০ ফাগুনলৈ এছিয়া মহাদেশৰ ভিতৰতে অন্যতম বৃহৎ প্ৰায় ২১০ বছৰীয়া বটবৃক্ষৰ পাদভূমিত সম্পূৰ্ণ ধর্মীয় ৰীতি-নীতিৰে ৮৯ সংখ্যক “দক্ষিণ বজালী শ্ৰীশ্ৰীশিৱ চতুৰ্দশী সভা মহোৎসৱ” উদযাপনৰ বাবে মুল সমিতিৰ লগতে আঠখনকৈ উপ সমিতি গঠন কৰা হৈছে৷ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ১৬ ফাগুনৰ পূৱা প্ৰাতঃ প্ৰসংগ, মহাপ্ৰভু শ্ৰীশ্ৰীশিৱৰ মূৰ্তি স্থাপন, ৮৯ সংখ্যক শিৱ চতুৰ্দশী সভা মহোৎসৱৰ পতাকা উত্তোলন, স্মৃতি তর্পণ, ভাগৱত শোভাযাত্রা, মুখ্য দ্বাৰ উদ্ঘাটন, বৃক্ষৰোপণ, ভাগৱত পাঠ, আয়তীৰ নাম প্ৰসংগৰ পিছতে দুপৰীয়া অক্ষয় বন্তি প্ৰজ্বলন, ৮৯ সংখ্যক দক্ষিণ বজালী শিৱ চতুৰ্দশী সভা মহোৎসৱৰ শুভ উদ্বোধন, মহাপ্রভু শ্রীশ্রীসদা শিৱক ভোগ অৰ্পণ আৰু ভক্তৰ ভোগ গ্রহণ কৰা হব৷ আবেলি আয়তীৰ নাম প্রসঙ্গৰ পিছতে সন্ধিয়া নাগাৰা নাম প্ৰদৰ্শন, বন্তি প্রজ্জ্বলন, ধুনি প্ৰজ্বলন, সংকীৰ্ত্তন আৰু নিশা জল আহৰণ তথা আতচবাজী প্ৰদৰ্শনৰ পিছতে পূজা আৰম্ভ হব৷ ইয়াৰ পিছতে পুষ্পাঞ্জলি গ্রহণেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰিব৷ ১৭ ফাগুনৰ পূৱা প্রাতঃ প্রসঙ্গ, ভাগৱত পাঠ, আয়তীৰ নাম-প্রসঙ্গ অনুষ্ঠিত হব৷ আবেলি ঢুলীয়া প্ৰদৰ্শনৰ পিছতে সন্ধিয়া সম্বৰ্দ্ধনা অনুষ্ঠানত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাস, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বোলছবি পৰিচালক ৰাজেন দাস সম্বৰ্ধনা জনোৱা হব৷ নিশা সাংস্কৃতিক অনুষ্ঠানেৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্ত পৰিব৷ আনহাতে ১৮ ফাগুনত প্ৰাতঃ প্ৰসংগ, ভাগৱত পাঠ, আয়তীৰ নাম প্রসঙ্গ, ঢুলীয়া প্ৰদৰ্শন আৰু নাট প্ৰদৰ্শন কৰা হব৷ ১৯ ফাগুনৰ পুৱা প্রাতঃ প্রসঙ্গ, ভাগৱত পাঠ, আয়তীৰ নাম-প্রসঙ্গৰ পিছতে দুপৰীয়া আয়তীৰ ঘোষানাম প্রতিযোগিতা আৰু সন্ধিয়া অসমীয়া সংগীতৰ আধাৰত একক নৃত্য প্রতিযোগিতা অনুষ্ঠিত হব৷ ২০ ফাগুনত প্ৰাতঃ প্ৰসংগ, ভাগৱত পাঠ, আয়তীৰ নাম প্রসঙ্গৰ পিছতে দুপৰীয়া ভেশছন প্ৰতিযোগিতা আৰু আবেলি বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত হব৷ সন্ধিয়া ৰাকেশ ৰিয়ানকে আদি কৰি কেবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীত পৰিৱেশনেৰে ৮৯ সংখ্যক৷দক্ষিণ বজালী শিৱ চতুৰ্দশী সভা মহোৎসৱৰ সামৰণি পৰিব৷ সভা মহোৎসৱৰ আটাইবোৰ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে উদ্যোক্তাসকলে৷
প্ৰেৰক  কল্যাণ কলিতা

You might also like