নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ২৫ ফ্ৰেব্ৰুৱাৰীঃ মাজুলীত উপ – নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে । অহা ৭ মাৰ্চত হ’ব লগা উপ- নিৰ্বাচনৰ বাবে মাজুলীত বিজেপি’ৰ মিত্ৰজোঁট আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু সমৰ্থকে ব্যাপক প্ৰচাৰ চলাইছে । মাজুলীৰ মুল নিৰ্বাচনী যুজঁখন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মাজতে আৱদ্ধ থাকিব । দুয়োজন প্ৰাৰ্থীয়ে বৃহৎসংখ্যক সমৰ্থক লগত লৈ মাজুলীৰ চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ চলাইছে । আজি, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে নামনি মাজুলীত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় । গামে নামনি মাজুলীৰ শ্ৰী লোহিত আৰু চিলাকলা গাঁও পঞ্চায়তত ১৩ খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । ভুৱন গামে আজি অঞ্চলটোৰ ১ নং বৰগঞা, ২ নং বৰগঞা, কাকৰিকটা, বিৰিণাবাৰী, বৰুণচুক, বালিচাপৰি, চিলাকলা, নলদোৱাৰ, বৰদোৱাৰ, মালাপিন্ধা, গোৱালগাঁও, ভালুকমৰা আৰু বৰমুকলিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উক্ত, নিৰ্বাচনী সভাবোৰত মুখ্য বক্তা ৰূপে উদাত্ত ভাসন দিয়ে বিজেপিৰ ৰাজ্যিক সদস্য বীৰেন শইকীয়াই । তেওঁ নিজৰ ভাসনত আগন্তুক নিৰ্বাচনত ভুৱন গামৰ কোনো প্ৰতিদণ্ডী নাই বুলি কয় । বিৰোধী চিত্তৰঞ্জন বসুমতাৰীয়ে মাজুলীৰ মাটি – পানী দেখা নাই বুলি কটাক্ষ কৰে আৰু ১০ মাৰ্চত তেওঁ খালী হাতে ধেমাজিলৈ উভতি যাব লাগিব বুলি কয় । নামনি মাজুলীৰ উক্ত, নিৰ্বাচনী সভাত মাজুলী জিলা সন্মিলিত গণশক্তি দলৰ সভাপতি ৰনজিত দলে, মাজুলী জিলা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ব্ৰজেন গাম, অসম যুৱ পৰিষদৰ সম্পাদক অনিৰুদ্ধ দত্ত , চিলাকলা গাঁও পঞ্চায়ত ৰ সভাপতি খগেন দাস, কমলাবাৰী গাঁও পঞ্চায়তৰ সভাপতি উৎপল ভেৰুৱা, মাজুলী অ বি চি উন্নয়ন বৰ্ডৰ অধ্যক্ষ বিমান হাজৰিকা ,বি জে পি’ৰ নেতা নিতুল নাথ, বলো পায়েঙ, বুদ্ধিন শইকীয়া , অৰুণ হাজৰিকা, ৰঞ্জন হাজৰিকা আদি উপস্থিত থাকে । নিজৰ চমু চমু নিৰ্বাচনী ভাসনত ভুৱন গামে মাজুলীৰ উন্নয়ন, সুৰক্ষা আৰু প্ৰগতিৰ বাবেই বিজেপি মিত্ৰ জোঁটৰ লগত ৰাইজক আগবাঢ়ি যাবলৈ আহ্বান জনায় । তেওঁ, মাজুলীৰ ৰাইজৰ সকলো আশা আকাংক্ষা পূৰণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে ।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 

You might also like