নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁৱত দুই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ বাসুগাঁও অঞ্চলৰ দুখন প্ৰাথমিক বিদ্যালয়ৰ দুজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক একেদিনাই বিদায় সম্বৰ্ধনা জনোৱা হয় । বাসুগাঁও চহৰৰ নিকটৱৰ্তী তথা চিদলী শিক্ষা খণ্ডৰ আন্তৰ্গত হেকাইপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা দ্বীজেন্দ্ৰ চন্দ্ৰ ৰায় আৰু শিলগুড়ী প্ৰথম খণ্ড শিক্ষক চেণ্টাৰৰ অন্তৰ্গত কামাডাংগা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰ্মল বসুমতাৰীক আজি একেদিনাই বিদায় সম্বৰ্ধনা জনোৱা হয় । হেকাইপাৰা প্ৰাথমিক বিদ্যালয়ত অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী বয়োজেষ্ঠ ব্যক্তি পবিত্ৰ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত সহজ-সৰল, নিষ্ঠাবান অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে বৰ্ণনা ক’ৰাৰ লগতে সুস্থ শৈক্ষিক পৰিবেশ সৃষ্টিত সাৱলীল বক্তব্য দাঙি ধৰে বাসুগাঁও থুৰিবাৰী শিশু পাঠশালাৰ প্ৰধান শিক্ষক তথা কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্নিলনীৰ কাৰ্যকৰী সভাপতি ৰঞ্জিত কুমাৰ আদিত্য, হেকাইপাৰা গাঁৱৰ গাঁওবুঢ়া বিপিন চন্দ্ৰ ৰায়,বিশিষ্ট সমাজকৰ্মী ৰহেন ৰায়, হেকাইপাৰা চি আৰ চি চি পবিত্ৰ ব্ৰহ্ম, নিম্ন ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী বেণুবালা ৰায়, প্ৰাথমিক শিক্ষক সন্মিলনী চিৰাং জিলা সমিতিৰ সম্পাদক প্ৰাণ সূত্ৰধৰ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গীতাৰাণী দেৱী, সংবাদ দাতা ভৃগু মুনি ৰায়, সমাজকৰ্মী ধ্ৰুৱ ৰায় আদি । হেকাইপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰণী কান্ত ৰায়ে আঁতধৰা অনুষ্ঠানটিত বিদায়ী প্ৰধান শিক্ষক গৰাকীক ফুলাম গামোছা, শৰাই, ধৰ্মীয় গ্ৰন্থ, জাপি, লাঠী, ছাতি, আৰনাই ইত্যাদি সম্বৰ্ধনাৰে ভৰাই পেলায় বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, ছাত্ৰ-ছাত্ৰীসকলে। মানপত্ৰ পাঠ কৰে সহ শিক্ষক মনোজ সূত্ৰধৰে । বিদায়ী শিক্ষক গৰাকী নিজৰ কাৰ্যকালৰ তিতা-মিঠা স্মৰণ কৰিবলৈ গৈ উচুপি উঠে । উল্লেখয্যোগ্য যে ১৯৮৩ চনৰ এক অক্টোবৰত শিক্ষক হিচাপে যোগদান কৰি ২০২০ বৰ্ষৰ ২জানুৱাৰী দিনা অৱসৰ গ্ৰহণ কৰে বিদায়ী শিক্ষক গৰাকী । বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ মাজে মাজে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । ইফালে কামাডাংগা প্ৰাথমিক বিদ্যালয়ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰ্মল বসুমতাৰীক বিদায়ী সভাত সভাপতিত্ব কৰে সমাজকৰ্মী বুদ্ধসিং বসুমতাৰীয়ে । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে শিলগুঢ়ি প্ৰথম খণ্ডৰ চি আৰ চি চি অজিত কুমাৰ বিশ্বাস । তেওঁৰ উপৰি শিলগুঢ়ি প্ৰথম খণ্ডৰ চি আৰ চি চিৰ অন্তৰ্গত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ গুণ-গৰিমা আৰু কৰ্মৰাজিক শ্ৰদ্ধাৰে সুঁৱৰি সুস্থ-শৈক্ষিক পৰিৱেশ উন্নয়নত বক্তব্য দাঙি ধৰে । অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীক আৰনাই, ফুলাম গামোছা, ৰাজবংশী হালধীয়া গামোছা, মানপত্ৰ, ছাটি, লাঠী, ধৰ্মগ্ৰন্থ শ্ৰীমৎ ভাগৱত আদি প্ৰদান কৰা হয় । স্মৰণয্যোগ্য যে উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্ৰী পূৰ্ণিমা চৌধুৰীক ইণ্টাৰনেচনেল পৰ্য্যায়ত হাৰ্ভেল ৰেচৰ ১০০ আৰু ১১০ মিটাৰত সোণৰ মেডেল লাভ কৰাত সম্বৰ্ধনা জনোৱা হয় ।
প্ৰেৰক ভৃগুমুনি ৰায়

You might also like